পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০১ )

 বস্ত্ৰহৰণঃ— এদিনাখন গোপীবিলাকে লগ হৈ যমুনাৰ পাৰত কাপোৰ থৈ উলঙ্গ হৈ জলক্ৰীড়া কৰি আছে। এনে সময়ত কৃষ্ণ ততাতৈয়াকৈ আহি গোপীৰ কাপোববোৰ কোচাই লৈ যমুনাৰ পাৰৰ কদম গছত উঠিল গৈ। কদমৰ ডালত কাপোৰবোৰ আলাই থৈ কৃষ্ণই দুই ভৰিৰে দুটা ঠানিত ধৰি গছৰ ওপৰতেই থাকিল। গছৰ তলত শ্ৰীদাম আৰু সুদাম দুয়ো থিয় হৈ আগ হাত দাঙি যেন কৈছে—“কৃষ্ণই গোপীৰ কাপোৰ নিয়া কথা আমাৰ নকবা।” ইফালে গোপীবিলাকৰ জল-ক্ৰীড়া শেষ হলত দেখে, যে পাৰত কাপোৰ নাই। ইফালে সিফালে চাই দেখে, যে কৃষ্ণই কাপোৰবোৰ গছত আৰি থৈ থিয় হৈ আছে। গোপীবিলাকে তাকে দেখি পানীৰ পৰাই আজলি পাতি কৃষ্ণত কাপোৰ প্ৰাৰ্থনা কৰিছে।

 वस्त्रहरण : एकदिन गोपिनीगण मिलकर जमुनाके किनारे कपड़े रखकर नंगी होकर जलक्रीड़ा कर रही हैं। ऐसे समयमें कृष्ण जलदी आकर गोपियों के कपड़ोंको लेकर जमुनाके किनारके एक कदम्ब पेड़ पर चढ़ गया और कदम्बको टहनियोंमें कपड़ोंकों लटका दिया। पेड़के नीचे श्रोदाम और सुदाम दोनो खड़े होकर दाहिने हाथों को उठाकर मानो कहते हैं कि हम गोपियों से नहीं कहेंगे। इधर जब गोपियों की जलक्रीड़ा खतम हुई तो देखा कि किनारे पर कपड़े नहीं हैं। इधर उधर ताककर देखा कि कृष्ण कपड़ों को लिये पेड़पर बैठा है। गोपीगण पानीमें से ही अंजलि फैलाकर कृष्ण से कपड़ों की याचना कर रही हैं।

 গোপীসবে কৃষ্ণত বস্ত্ৰ প্ৰাৰ্থনা কৰিছা। কৃষ্ণে কদম্বৰ তলে নামিছা।