পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৮ )

ভাণ্ডিৰ বটবৃক্ষৰ তলত লগলাগি আগৰ দৰে এফালে কৃষ্ণ আৰু আন ফালে বলদেৱ দলপতি হৈ সকলোৱে হাত তুলি মুখামুখি হৈ খেলা আৰম্ভ কৰিছে।

फिर उसी भांडीर बटवृक्षके नीचे इकट्टे होकर पहले जैसे एक ओर कृष्ण और दूसरी ओर बलदेव टोलीनायक होकर सभी हाथ उठा उठाकर आमने सामने रहकर खेल आरंभ करते हैं।

বনবহ্নি।  ধেনুগণ মুঞ্জবন পশিছা।  মহিষ।  মেথন।  ছাগল। গোপগণ গৰুৰ খোজ নিহালি
মুঞ্জবন পশিছা।
 

 শ্ৰীকৃষ্ণৰ দ্বাৰা গোপ-গৰুক দাবাগ্নিৰ পৰা উদ্ধাৰ:— কৃষ্ণ আদি গোপবালকবিলাকে তেনেদৰে খেলা কৰি থাকোঁতে গাই, দামুৰি, ম'হ, মেথন, ছাগলি আদি সকলোবোৰ চৰণীয়া পশু নতুন ঘাঁহৰ লোভত ঘাঁহ খাই খাই গৈ মুঞ্জবন নামৰ বনত সোমাল। সেই বনত চাৰিওফালে দপ দপকৈ জুই জলিব ধৰাত গৰু-ম'হ-বিলাকে জুই দেখি ভয়তে ঘাঁহ খাবলৈ এৰি মূৰ দাঙি আটাহ ধৰিছে। ইফালে গোপবালকবিলাকে গৰুবোৰ দেখা নাপাই গৰুৰ খোজ চাই চাই মুঞ্জবনত সোমাইছে গৈ।

 श्रीकृष्णके द्वारा ग्वाल- गायों का दावाग्निसे उद्धार : कृष्ण आदि गोपबालकगण जब खेल रहे थे तब गाय, भैंस, आदि सभी पालतू जानवर नये घासको चाहसे घास खाते खाते मुंजवनमें चले गये। उस वनमें चारों ओर दप्​ दप्​ कर आग जलनेके कारण पशु आाग देखकर डरकर घास खाना छोड़कर सिर उठ उठाकर चिल्ला रहे हैं। इधर गोपबालकगणभी गायो को न देख उनके पदचिह्नोंका पीछा करते हुये उसी वनमें जा घुसे।