পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
চিকাৰ কাহিনী


গাড়ীৰ অভাৱ হোৱা নাছিল। শ্ৰীহট্টৰ মাজবাটৰপৰা ২০।২৫ খন গাড়ীৰে আগবঢ়াই অনা হৈছিল সুভাষচন্দ্ৰক। যোজন বিস্তৃত শোভাযাত্ৰাত মুনিহ-তিৰোতা, ল'ৰা-বুঢ়া, অসমীয়া-বঙালী, খাচীয়-গোৰ্খালী, মাৰোৱাৰী-হিন্দুস্থানী, হিন্দু-মুছলমান, জৈন-খৃষ্টিয়ান,চৰকাৰী কৰ্মচাৰীকে আদি কৰি সকলোৱে যোগ দিছিল। কাৰণ,ছিলঙত এয়ে প্ৰথম ৰাজনৈতিক আন্দোলন। ‘স্বৰাজৰ জয়’, ‘বন্দে মাতৰম' গীত শুনি খাচীয়া পৰ্বত-ভৈয়াম নিশ্চয় স্তম্ভিত আৰু মোহিত হৈছিল। ধ্বনি-প্ৰতিধ্বনিত নিশ্চল গিৰিশৃঙ্গ চঞ্চলমুখৰ হৈ উঠিছিল।

 শিৱপ্ৰসাদ বৰুৱাৰ ঘৰত থোৱা হ'ল আজাদ আৰু ৰাষ্ট্ৰপতি সুভাষক। লগে লগে আলিৰ মানুহ ঘৰাঘৰি গ'ল; নিস্তব্ধ হ'ল মুখৰা নগৰী; কিন্তু আৰম্ভ হ’ল কাণে কাণে কথা কোৱা, ইঙ্গিততে জনোৱা আৰু আৰম্ভ হ'ল, সভ্যৰ ভিতৰত দুই-তিনি-চাৰিক পক্ষভুক্ত কৰিবৰ অহোপুৰুষাৰ্থ। তাৰ ভিতৰত কিছুমানক বাক্য-বচনেৰে, কিছুমানক লুকুৱাই ৰাখি আৰু কিছুমানক ভয় দেখুৱাই পক্ষভুক্ত কৰাৰ চেষ্টা। কাঢ়া পহৰাত ৰখা হৈছিল ৰাজ-জামাতা শ্ৰীযুত সন্তোষকুমাৰ বৰুৱাক। প্ৰহৰীৰ ভিতৰত প্ৰধান আছিল কুমাৰী ৰজাৰ্ছ আৰু মন্ত্ৰী শ্যালক শ্ৰীমান.........। তেওঁলোকৰ প্ৰধান কৰ্তব্য আছিল ৰুদ্ধ দুৱাৰত থাকি ভদ্ৰাভদ্ৰ নিৰ্বিশেষে বৰুৱাদেৱৰ খবৰ কৰিবলৈ যোৱা লোকসকলক অপমান কৰা। আনকি ছিদলীৰ ৰাজকুমাৰ, ৰূপচীৰ জমিদাৰ শ্ৰীমান জগদীন্দ্ৰনাৰায়ণ চৌধুৰীয়েও সেই অপমানৰ হাত সাৰিব পৰা নাছিল। এই কাঢ়া পহৰাৰ মাজৰ-পৰাও বৰুৱাদেৱক উদ্ধাৰ কৰি দুই-চাৰিবাৰ শত্ৰুপক্ষৰ মাজলৈ অনা হৈছিল। বাক্-বিতণ্ডা, তৰ্ক-যুক্তি, অনুনয়-বিনয় বৰুৱাদেৱৰ আগত সকলো নিষ্ফল; তেওঁ সকলো অৱস্থাতে নিৰ্বিকাৰ হিচাপে কৈছিল,“মই সকলো বুজিছোঁ, কিন্তু কি কৰা উচিত তাকেহে বুজিব পৰা নাই।” এয়ে আছিল তেওঁৰ অতি ক্ষীণ মাতৰ সমিধান। বৰুৱাদেৱৰ