পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
চিকাৰ কাহিনী


অনুৰোধ জনাই মাতি অনা হ'ল। আৰু টেলিগ্ৰাফ কৰি মতা হ’ল সহ-সভ্য কংগ্ৰেছ-পন্থীসকলকো। প্ৰজাৰ অভাৱনীয় হেন্দোলদোপ দেখি আদিম অধিবাসী খাচীয়া আৰু গোৰ্খালী সেনা আদিৰো চিত্ত চঞ্চল হৈ উঠিল।

 ১৯২০ চনৰ অসহযোগ আন্দোলনতো বৃটিছৰ দমন নীতিৰ প্ৰভাৱত যি ছিলং গিৰিশৃঙ্গ অচল-অটল হৈ আছিল; সেই অভ্ৰভেদী শৃঙ্গ সামান্য মন্ত্ৰীৰ অনাস্থা প্ৰকাশৰ ক্ষুদ্ৰ আন্দোলনত হঠাতে অধীৰ-মুখৰ হৈ উঠিল। এদিন ভগ্নস্বাস্থ্য উদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমান সুভাষচন্দ্ৰ ছিলঙলৈ আহিছিল আৰু তেতিয়াও তেওঁক পাণ্ডুৰপৰা নিয়াৰ ভাৰ এই অভাজনৰ হাতত পৰিছিল। নিজৰ গাড়ী নথকাত বিশেষ অনুৰোধত কমাৰ্চিয়েল কেৰিং কোম্পানীয়ে প্ৰথম শ্ৰেণীৰ গাড়ী এখন তেওঁক নিয়াৰ কাৰণে দিছিল। তাৰবাবে পইচা লোৱাৰ কথা নাছিল, কিন্তু এবছৰমানৰ পিচত ৭৫\ টকা দাবী কৰি মোৰ ওপৰত মোকৰ্দমা চলায়; মোৰ এজন ছাত্ৰ উকীলৰ সহায়ত সেই দায়ৰপৰা মই মুক্তি পাওঁ। হেৰ সিদিনাখন কেৰিং কোম্পানীৰ প্ৰাণস্বৰূপ মোৰ ছাত্ৰবন্ধু উকীল শ্ৰীমান প্ৰফুল্লচন্দ্ৰ গুহক বিশেষ অনুৰোধ জনাইছিলোঁ, বানপানী প্ৰপীড়িত লোকৰ সহায়কাৰী দুজন'দুখীয়া কৰ্মীক বিনা পইচাত গুৱাহাটীলৈ নিবলৈ। উত্তৰ পালোঁ- “বিনা পইচাই নিব নোৱাৰি দুখীত হলো; কাৰণ, আমাৰ কোম্পানী শুধ ব্যৱসায়ী। ইয়াত ৰাজনৈতিক গোন্ধ থকা কোনো পক্ষকে আমি সহায় কৰিব নোৱাৰোঁ।” কিন্তু দুদিন পিচতে নিজ চকুৰে দেখিলোঁ, তেতিয়াৰ মন্ত্ৰীসকলৰ পৰিস্থিতিৰ কাৰণে ১ম, ২য় আৰু ৩য় শ্ৰেণীৰ অলেখ গাড়ীৰে মন্ত্ৰীসকলক সহায় কৰা হৈছিল। সেইকেইদিন কোম্পানীৰ কৰ্তৃত্ব মন্ত্ৰিত্ব ৰক্ষাৰ কৰ্তৃপক্ষক শোধাই দিয়া' হৈছিল। ধনাই-মনাইয়েও কোম্পানীৰ ১ম শ্ৰেণীৰ গাড়ী চলোৱা দেখা গৈছিল। শুধ ব্যৱসায়ীৰ এই লক্ষণ!

 কোম্পানীৰ গাড়ী নাপালেও ৰাষ্ট্ৰপতি সুভাষচন্দ্ৰৰ সম্বৰ্ধনাত