সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

মৃত্যুৰ কৰুণ  বিননিৰ ৰাৱ
 আকাশ লঙ্ঘে আনন্দ-উল্লাস।

সংসাৰ আভাস দিব মানুহক
 নৰৰূপে তুমি জন্মা ইংলণ্ডত;
অন্ধ মানুহক জগতৰ দৃশ্য
 দেখুৱালা তুমি চিত্ৰৰ পটত।

যেনেকি দেখিলা তেনেই আঁকিলা
 লৰচৰ নাই তোমাৰ পটত,
যথাৰ্থ নকল  সত্য প্ৰতিবিম্ব
 অতি সুযতনে আকিলা জগত।

কিবা ভাল পোৱা কিবা বেয়া পোৱা
 গোপনে ৰাখিলা নিজৰ মনত
নিজ অভিৰুচি  ৰং সানি তুমি
 ৰং নচৰালা চিত্ৰৰ পটত।

সত্যবাদী তুমি  জিতেন্দ্ৰিয় ঘোৰ
 প্ৰকৃত বুৰঞ্জী—লিখক তুমি,