সমললৈ যাওক

পৃষ্ঠা:চান (কবিতা পুথি).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চেক্‌চ্‌ পিয়েৰ।

আল্লচৰ উচ্চ শিখৰত বহি
 কতযুগ তুমি তপস্যা কৰিলা;
ধ্যানমগ্ন যোগী  নীমিলিত নেত্ৰে
 কত যুগ পাচে সমাধি লভিলা।

জুপিটৰ আদি দেৱতাৰ সতে
 ৰমিলা নিচয় আল্পচৰ শিৰে
জ্ঞান-লিপ্সু তুমি  মহা যোগীবৰ
 উচ্চ শিৰে তুমি দৰ্শিলা সংসাৰ।

নাই মানুহৰ  জ্ঞান জগতৰ
 নাজানে মানুহে মানুহ-স্বভাৱ
কপটতা, ছল,  চাতুৰি, খিয়াল,
 মনৰ ক্ৰিয়া নাজানে নৰ।

সুখৰ, দুখৰ, শোক-আনন্দৰ
 একেটি ঘৰতে হয় সমাবেশ,