পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
আমাৰ মা হিৰণয়ী দেৱী সম্পৰ্কে দুআষাৰ

পৰীক্ষাৰ্থী সমূহ ছাত্ৰীৰ মাজত দ্বিতীয় স্থান লাভ কৰি মাহে কুৰি টকীয়া বৃত্তি লাভৰো যোগ্যতা অৰ্জন কৰিছো। খবৰটো পোৱাৰ লগে লগে মই আনন্দ লাভ কৰাৰ পৰিৱৰ্তে কান্দিবলৈ আৰম্ভ কৰিলো। পৰীক্ষাত ইমান ভাল ফলাফলৰ পিছতো যে মই পঢ়িবলৈ নেপাম সেই কথাটোৱে মোৰ বুকুখন যেন ভাঙি-ছিঙি চুৰমাৰ কৰি দিছিল। মোৰ কান্দোন শুনি পৰিয়ালৰ আটায়ে লৰি আহি মোৰ ওচৰ পালেহি আৰু কন্দাৰ কাৰণ সুধিলে। গৃহস্থই কথাষাৰ বুজাই দিয়াত তেওঁলোকৰ মুখৰ মাত হৰিল।

 কিন্তু মোৰ সেইদিনাৰ কান্দোনে পৰিয়ালটোক কিছু চিন্তিত কৰি তুলিছিল। শাহু আয়ে কেইজনমান আত্মীয়ৰ সৈতে কথাটো আলোচনা কৰিছিল। সেই প্ৰসঙ্গতে আমাৰ এজন খুৰা-শস্ত্ৰ স্বৰ্গীয় ধৰ্মকান্ত শৰ্মাই তেখেতক কৈছিল, “পঢ়া-শুনাৰ প্ৰতি ইমান আগ্ৰহ থকা মানুহৰ যদি পঢ়া বন্ধ কৰি দিয়া হয়, তেন্তে বোৱাৰীজনীৰ মূৰটো বেয়া হৈ যাবও পাৰে। কথাষাৰ শুনি শাহুয়ে ভয় খাইছিল। ইতিমধ্যে গুৱাহাটীত স্বামীৰ বন্ধু- বান্ধৱ আৰু শুভাকাঙ্খীসকলে একমুখে মোক কলেজত নাম লগাই দিবলৈ কোৱা কথাও পুতেকৰ মুখে তেওঁ শুনিছিল। গতিকে ভাবি-চিন্তি শাহুআয়ে অৱশেষত ক'লে, “গুৱাহাটীতে সংসাৰ এখন পাতি দুয়ো একেলগে থাকি কলেজত পঢ়িব পাৰে যদি পঢ়ক, মোৰ আপত্তি নাই।” কথাষাৰ শুনি মই হাততে সৰগ পোৱা যেন পালো।

 কিন্তু সমস্যা হ’ল, গুৱাহাটীত ঘৰ সাজিবলৈ পৰিয়ালটোৰ কোনো মাটি নাই; আনহাতে সেই যুগত ওপৰঞ্চি ঘৰ সাজি অন্য পৰিয়ালক ভাড়া দিয়াৰ কথা আমাৰ সমাজত প্ৰচলন হোৱাই নাছিল। ঈশ্বৰৰ কৃপাত সেই সমস্যাৰো সমাধানৰ পথ ওলাল; যিজন সদাশয় লোকৰ আশ্ৰয়ত থাকি স্বামীয়ে হাইস্কুল আৰু কলেজৰ শিক্ষা সমাপ্ত কৰি চাকৰিত সোমাইছিল সেইজন গুৱাহাটীৰ উজানবজাৰ নিবাসী মৌজাদাৰ কুমুদেশ্বৰ গোস্বামীদেৱে শিলপুখুৰী অঞ্চলত থকা তেওঁৰ বিশাল ভূ-সম্পত্তিৰ ডেৰকঠা মাটি ঘৰ সাজিবৰ বাবে স্বামীক দিবলৈ সন্মত হ’ল। গতিকে সেই মাটিডোখৰতে ঘৰ এটা সাজি থকাৰ সুবিধা পোৱা গ'ল।

 ১৯৫১ চনত আই.এ. পৰীক্ষাত অৱতীৰ্ণ হওঁ। শাৰীৰিক অসুস্থতাৰ বাবে মোৰ ওপৰঞ্চি বিষয় উদ্ভিদবিদ্যাৰ পৰীক্ষা দিয়া নহ’ল; পৰীক্ষা