দিয়াৰ কেইমাহমান পিছতে মোৰ প্ৰথম সন্তানৰ জন্ম হয়। সেই উপলক্ষে শাহুআইক গাঁৱৰ পৰা আনি কেইমাহমান আমাৰ গুৱাহাটীৰ ঘৰত ৰখা হৈছিল।
আই.এ. পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ সুবাদত মোৰ কুৰিটকীয়া বৃত্তিটো বি.এ. শ্ৰেণীলৈকে অব্যাহত থাকিল; কিন্তু সমস্যা হল, কেঁচুৱা কাৰ আশ্ৰয়ত থৈ বি.এ. শ্ৰেণীৰ ক্লাছ কৰিবলৈ যাওঁ? সেই কালত আজিৰ দৰে দুখীয়া পৰিয়ালৰ ছোৱালী বা মহিলা আনৰ ঘৰত কাম কৰিবলৈ ওলাই অহা নাছিল; দুই-চাৰিটা আঢ্যৱন্ত পৰিয়ালত সেই কামৰ বাবে খাছীয়া মহিলা ৰখা হৈছিল যদিও সৰ্বসাধাৰণ পৰিয়ালৰ বাবে সেই কথা সম্ভৱ নাছিল। উপায়হীন হৈ কথাটো আলোচনা কৰিবৰ বাবে সন্দিকৈ কলেজ কৰ্তৃপক্ষৰ ওচৰ চপাত তেখেতসকলে ক'লে, “কলেজত নামটো লগাই থোৱা; তেতিয়া বৃত্তিৰ টকাকেইটা পাই থাকিবা। সম্ভৱ হলে ক্লাছ কৰিবা; নোৱাৰিলে ঘৰতে পঢ়ি বি.এ. পৰীক্ষা দিবা।” সেইমতে কলেজত নাম লগোৱা হ'ল; তৃতীয় বাৰ্ষিক শ্ৰেণীত এদিনো ক্লাছত উপস্থিত থকাৰ সৌভাগ্য মোৰ নহ'ল। পিছৰ বছৰ মোৰ এজন আত্মীয়ৰ চেষ্টাৰ ফলস্বৰূপে পূৰ্ববঙ্গৰ পৰা ভাগি অহা হিন্দু পৰিয়ালৰ বুঢ়ী এগৰাকী কেইমাহমানৰ বাবে আমাৰ ঘৰত থাকিবলৈ সন্মত হোৱাত চতুৰ্থ বাৰ্ষিক শ্ৰেণীত ইংৰাজী আৰু দৰ্শন বিষয়ৰ ক্লাছ কেইটামান কৰাৰ সৌভাগ্য হৈছিল; বাকী দুটা বিষয় সংস্কৃত আৰু অসমীয়া ঘৰতে পঢ়ি '৫৩ চনত বি.এ. ফাইনেল পৰীক্ষা দিয়াৰ কথা চিন্তা কৰিছিলো যদিও ইতিমধ্যে মই দ্বিতীয় সন্তানৰ মাতৃ হ'লো। গতিকে সেই বছৰ পৰীক্ষা দিয়াটো সম্ভৱপৰ নহ'ল।
সেইটো বছৰৰে শেষৰপিনে আমাৰ পৰিয়ালটোলৈ এটি ডাঙৰ দুৰ্যোগ আহিল। শাহুআইৰ পুৰণি পিত্ত ৰোগটো হঠাতে বেছি হোৱাত তেওঁ শয্যাশায়ী হ'বলগীয়া হৈছিল। দুমাহমান শয্যাগত হৈ থকাৰ পিছত নৱেম্বৰ মাহত কালীপূজাৰ সময়তে শাহুআই ঢুকাল।
শ্ৰাদ্ধাদি কাৰ্য্য সুকলমে হৈ যোৱাৰ পিছত সোনকালে গুৱাহাটীৰ ঘৰলৈ ঘূৰি আহিলো; কাৰণ চৌৱন্ন চনত বি.এ. পৰীক্ষাটো যেনে-তেনে