পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
চাকৰি ক’তেনো পাম?

আন্দোলনকাৰী, ৰাজনীতিবিদসকলৰ সম্পৰ্কে আলোচনা-বিলোচনা চলে খবৰ কাগজ, দূৰদৰ্শন আদি মাধ্যমত।

 আজি অসমৰ কিমান লোকে একক প্ৰচেষ্টাত এখন অৰণ্য গঢ়ি তোলা অৰণ্য মানৱৰূপে খ্যাত যাদৱ পায়েং; বিজ্ঞানৰ তত্ত্বক সমাজৰ উন্নতিৰ বাবে প্ৰয়োগ কৰি উদ্ভাৱকৰূপে দেশে-বিদেশে খ্যাতি লভা উদ্ধব। ভড়ালী; মৌ-মাখি পালনৰ দ্বাৰা স্বাৱলম্বী হ'ব পৰাৰ আদৰ্শ দেখুওৱা লীলাচৰণ দত্ত; সপ্তম শ্ৰেণীলৈ পঢ়ি বৰ্তমান ‘অৰ্কিড মেন অফ্ ইণ্ডিয়া’ বুলি দেশে-বিদেশে খ্যাত তথা ফ্ৰান্স বিশ্ববিদ্যালয়ে পি.এইচ.ডি ডিগ্ৰী। প্ৰদান কৰা ৰহমত আলী লস্কৰ; মৎস্য পালন তথা জৈৱিক সাৰৰ জৰিয়তে বৃহৎ এলেকাত বিভিন্ন খেতি কৰি নৱপ্ৰজন্মক আৰ্হি দেখুওৱা যুৱক নীলম দত্ত; একাদশ শ্ৰেণীলৈ পঢ়াৰ পিছত কঠোৰ শ্ৰম আৰু সাধনাৰ জৰিয়তে। ব্যৱসায়ত ঈৰ্ষণীয় সফলতা লাভ কৰি বৰ্তমান ‘টাটা অফ্ লাওচ’ হিচাপে খ্যাত হবিব মহম্মদ চৌধুৰী; একক প্ৰচেষ্টাত প্ৰায় এঘাৰখন জনজাতীয় লোক অধ্যুষিত গাঁৱৰ কণ কণ শিশুসকলক তেওঁৰ 'পাৰিজাত স্কুল’ৰ জৰিয়তে শিক্ষাদান কৰা উত্তম টেৰণ; দক্ষিণ কামৰূপৰ এক সুবিস্তৃত। অঞ্চলত কল খেতিৰ জৰিয়তে গঞা ৰাইজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ উঠাৰ বাট দেখুৱাওতা অভিযন্তাদ্বয় দেৱ চৌধুৰী আৰু নৱ শ্যাম আৰু তেনে বহু কৰ্মোদ্যমী লোকৰ বিষয়ে জানে সেয়া আমাৰ জ্ঞাত নহয়। উপৰোক্ত দুই-এজনে অলপতে যদিও দুই-এক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তথাপিও তেওঁলোকৰ কৰ্মৰ তথা অন্যান্য অৱদানৰ বিষয়ে অসমৰ যুৱক-যুৱতী তথা সমূহ ৰাইজে জানিবলৈ এতিয়াও বহু বাকী।

 যুৱ সমাজক কৰ্মোদ্যমী কৰিবলৈ হ'লে আমি তেনে লোকসকলকে সমাজৰ 'ৰ'ল মডেল’ৰ আসনত বহুৱাব লাগিব, তেওঁলোকৰ কৰ্মোদ্যম তথা কৰ্মৰ বিষয়ে বহুল প্ৰচাৰ কৰিব লাগিব। মানুহজনৰ ৰাজনৈতিক মতাদৰ্শ, ধৰ্ম, জাতি আদি এই ক্ষেত্ৰত বাধা হিচাপে থিয় হ'ব নালাগিব। সমাজ তথা চৰকাৰৰ দৃষ্টিভংগীৰ এক আমূল পৰিবৰ্তন অবিহনে ই সম্ভৱ নহ'ব। কিন্তু আমাৰ দৃঢ় বিশ্বাস যে আমাৰ আলোচনাৰ সমস্যাটোৰ সমাধানৰ এক বৃহৎ অংশ নিৰূপিত হ’ব ওপৰোক্ত কথাখিনিৰ দ্বাৰাই।