কিছুমানক 'ভাল' বুলি চাব মাৰি দিয়া হয়। ফলত দুৰ্বল বুলি চাব মাৰি দিয়া মানৱ সম্পদখিনি আমাৰ দেশত অপচয় হয় আৰু বহুতো আনুসংগিক সমস্যাই মূৰ দাঙি উঠে। উন্নত দেশৰ শিক্ষা ব্যৱস্থাই নিজৰ মানৱ সম্পদৰ এক উন্নত ‘মেনেজমেণ্ট'ৰ দ্বাৰা দেশক লাভান্বিত কৰে। আন কিছু চকুত পৰা বৈসাদৃশ্য আছে যদিও আমি সেইবোৰ উল্লেখৰ পৰা বিৰত থাকিলো কাৰণ আমাৰ এই প্ৰবন্ধৰ উদ্দেশ্য সুকীয়া।
এইটো কথাও সঁচা যে ভাৰতবৰ্ষৰ ভৌগোলিক বিশালতা, সাংস্কৃতিক বিবিধতাকে ধৰি ইমান অজস্ৰ কাৰণ আছে যিবোৰৰ বাবে হয়তো আমি উন্নত দেশৰ নিচিনা শিক্ষা ব্যৱস্থা এটা আনি ইয়াত প্ৰয়োগ কৰিব নোৱাৰো। কিন্তু প্ৰচলিত শিক্ষা ব্যৱস্থাৰ কিছু পৰিৱৰ্তন, পৰিবৰ্ধন। নহ'লেও যে আমি পিছপৰি ৰ'ম সেয়াও ধুৰূপ। এই পৰিৱৰ্তন তথা পৰিবৰ্ধনো ওপৰৰ শ্ৰেণীত কৰাতকৈ হয়তো তলৰ ভেটিৰ পৰাই অৰ্থাৎ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ পৰাই কৰি অনাটোৱেই সমীচীন হ'ব। তেনে এক চিন্তা-চৰ্চাই ৰাইজক অৱগত কৰিবলৈ তলৰ ঘটনাটি দাঙি ধৰা হ’ল।
যোৱা সৰস্বতী পূজাৰ ২-৩ দিন আগতে পাক মাৰিছিলোঁ শৰাইঘাট ফটো টাইপছ প্ৰাইভেট লিমিটেডলৈ। গুৱাহাটীৰ বামুণীমৈদামৰ ‘ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট’ত অৱস্থিত প্ৰতিষ্ঠানটোৰ ‘মেনেজিং ডাইৰেক্ট'ৰ অশীতিপৰ শ্ৰীযুত যোগেশ শৰ্মাদেৱ আৰু কেইবাজনো কৰ্মচাৰী বন্ধুৰ লগত আমাৰ মাজে মাজে আড্ডা মৰাৰ অভ্যাস। শৰ্মাদেৱৰ পৰা ব্যৱহাৰিক জীৱনৰ কিছু জ্ঞানো পাইছোঁ। তাৰ বাবে তেখেতৰ ওচৰত কৃতজ্ঞ।
শৰ্মাদেৱৰ কোঠাত কিছু সময় কথাবাৰ্তা হোৱাৰ পিছত তেখেতে কৈ উঠিল—হেৰা, আমাৰ শিক্ষা ব্যৱস্থা এনেদৰেই চলি থাকিব নেকি হে? বছৰি বছৰি কিছু নিবনুৱা যুৱক-যুৱতী উলিওৱাই আমাৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্য নেকি? হাতে-কামে শিক্ষা দিয়াৰ দিন নাহিব নেকি?
অভিযোগটো উৰাই দিব পৰা বিধৰ নহয়। এচাম মুষ্টিমেয় ছাত্ৰ- ছাত্ৰীৰ বাহিৰে বাকীসকলে কেনেদৰে জীৱন কটাইছে গম নাপাওঁ৷ উত্তৰত