পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
চাকৰি ক’তেনো পাম?

‘উপভোগ’ কৰি ল'বৰ বাবে। বহুতো ছাত্ৰ-ছাত্ৰীয়ে এম.এছ.চি. পৰীক্ষাৰ শেষৰ দিনা হাঁহি হাঁহি কৈ যায় যে আৰু এবছৰলৈ তেওঁলোকে ৰাস্তাৰ চাইনব’ৰ্ডো নপঢ়ে। আমাৰ শিক্ষা পদ্ধতি ‘শক্তি সঞ্চাৰী’ নহৈ কিয় ‘ভাগৰ লগা’ ধৰণৰ আৰু ‘ৰোমাঞ্চকাৰী’ নহৈ কিয় ‘আমনিদায়ক’ হ'ল তাৰ বাবে হয়তো বিস্তৃত গৱেষণাৰ স্থল আছে। যিয়েই নহওক ভাগৰ পলোৱাৰ পাছত এই ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ সন্ধান কৰে কি কৰি ভৱিষ্যতৰ ভাতমুঠি মোকলাব পাৰি তাৰ এক ৰাস্তা। ‘ঘৰৰ কাষতে’ কিবা এটা হলে ভাল হয়। এই ক্ষেত্ৰত অৱশ্যে বহু অভিভাৱকেও ভুল কৰে। তেনে এটা ঘটনা ঘটিছে মোৰ এজন পুৰণা ছাত্ৰ শ্ৰীমান এক্সৰ লগত। তেওঁ আক্ষেপসহ জনালে যে মাক-দেউতাকৰ উপদেশ মতে দুবছৰ কাল ঘৰৰ কাষৰে কলেজ এখনত ক’বলৈ লাজ লগা পাৰিশ্ৰমিকৰ বিনিময়ত সময় কটালে—ভৱিষ্যতে ভাগ্য উদয় হোৱাৰ আশাত। কিন্তু লাহে লাহে বুজি উঠিল যে সেই আশা ফলৱতী হোৱাৰ আশা খুবেই ক্ষীণ—ইউ.জি.চি. (U.G.C.)ৰ নতুন নিয়মাৱলীৰ বাবে। এতিয়া এছ.এছ.চি.ৰ পৰীক্ষা দিবলৈ ওলাই দেখে যে তেওঁৰ বয়সে ইতিমধ্যেই সেই পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰা বয়সৰ উচ্চসীমা অতিক্ৰম কৰিছে। অভিভাৱকসকলৰ উদ্দেশ্যে জনাব খোজো যে ইউ.জি.চি.ৰ নতুন নিয়মাৱলীয়ে এতিয়া ‘ঘৰৰ কাষৰ' কলেজখনৰ চাকৰিটো আগৰ নিচিনা সহজ কৰি ৰখা নাই। সমস্ত শৈক্ষিক ফলাফল প্ৰথম বিভাগত আৰু লগতে নেট্/শ্লেট্/পি.এইচ.ডি.ৰ ভিতৰত কিবা এটা থাকিলেহে অলপ আশা থাকে, নহ'লে আশা নকৰাই ভাল। গুৱাহাটীৰ যিকোনো কলেজত তাতকৈ বহু বেছি যোগ্যতাৰ দৰকাৰ হয়। এইখিনিতে আৰু এটা দৰকাৰী কথা উনুকিয়াই থোৱাৰ প্ৰয়োজনবোধ কৰিলো। নেট্/শ্লেট্/পি.এইচ.ডি. দিবৰ বাবে বয়সৰ উচ্চসীমা ধৰা বন্ধা নাই যদিও এছ.এছ.চি.ৰ পৰীক্ষাৰ বেলিকা হ’লে আছে।

 বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতেই ওপৰোক্ত ঘটনাবোৰ সংঘটিত হোৱাৰ পাছত এইবাৰ তেওঁলোকেচেষ্টা কৰে এছ.এছ.চি.ৰ ‘ডিগ্ৰী লেভেল’ৰ পৰীক্ষাৰ বাবে, কাৰণ তেওঁলোক ইতিমধ্যেই এম.এ. বা এম.এছ.চি.ৰ ডিগ্ৰীধাৰী। ডিগ্ৰীৰ অহমিকাই তেওঁলোকক MTS বা CGHL পৰীক্ষাত বহাত বাধা দিয়ে। যিহেতু CGL পৰীক্ষাৰ বাবে বয়সৰ