পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
৭১
চক্ৰধ্বজসিংহ।

 চেনেহীয়ে ৰূপহীৰ পিঠিত খপা এটা মাৰে, আৰু ৰূপহীয়ে কান্দে)

বৰফুকননীৰ প্ৰবেশ )

 ফুকননী। হেৰ চেনেহী, হেৰ ৰূপহী, তহঁতক আৰু মই বলে নোৱাৰিলোঁ আকৌ কিলাকিলি কৰিছহি? তহঁতৰ লাজ নাই? এই ঢোদোঙা ছোৱালী দুজনীয়ে মোক বলিয়া কৰিলে। এজনৰে বয়স ষোল হবলৈ গল, এজনীৰ চৌধ হল, আজিৰ বাদে কাইলৈ শাহুৰী খাটিবলৈ যাব লাগিব, তথাপি দুইজনীৰ লৰালি নগল।

 চেনেহী। তাই নো মোক তেলৰ চুপি বুলি সেইবোৰ নাম গাব কিয়?

 ৰূপহী। তেওঁ নো মোক মাৰিব কিয়?

 চেহো। গোৱাৰ পিছত হে মাৰিছোঁ।

 ৰূপহী। তেওঁ নো মোক হিংসাকুৰীয়া বুলিব কিয়?

 চেনেহী। তাই নো মোক মিছলীয়া বুলিব কিয়? বেচ কৰিলোঁ মাৰিলোঁ। মোক মিছলীয়া বুলিলে আকৌ মাৰিম।

চেনেহীয়ে ৰূপহীক আকৌ মাৰিবলৈ খেদি যায়। মাকে দুইৰো মাজত
সোমাই দুইকো আঁতৰাই দিয়ে। চেনেহীয়ে চকুলো টোকে।
দূৰত গায়ন বায়ন আৰু ঢোলৰ মাত)

 ফুকননী। ৰ চোন তহঁতে গোলমাল নকৰিবি। সেইয়া