পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
[২য় অঙ্ক
চক্ৰধ্বজসিংহ।

ক্ৰটি হোৱা বাবে বৰং দোষীৰ দণ্ড হব লাগে।

 বুঢ়াগোহাঁই। ইয়ালৈ অহাৰ আগেয়ে সেইবোৰ বন্ধবস্ত কৰা হৈছে সৰ্গদেও। একুৰী কাঠীকৰ ঘোৰচোৱাৰ নকৈ আজি পুৱাই আকৌ পঠিয়াইছোঁ।

 বৰপাত্ৰগোহাঁই। সৰ্গদেও, মোৰো অনুমান হৈছে তুমুল সংগ্ৰাম সঙ্ঘটিত হৈছে, সেইদেখি বৰফুকনে কোনো সংবাদ পঠিয়াবলৈ আহৰি পোৱা নাই। নিশ্চয় চৈয়দ চানা আৰু যিৰূজৰ পৰিচালনাত মছলমান সৈন্যই প্ৰাণ টাকি যুদ্ধ কৰিছে। কিন্তু সৰ্গদেও, আমাৰ সৈন্যও মছলমান সৈন্যতকৈ কোনো গুণে নীহ নহয়, বৰং অনেক বিষয়ত শ্ৰেষ্ঠ বুলি মোৰ বিশ্বাস। আমাৰ আহোম সৈন্য়ৰ কথাই নকওঁ, সিহঁত লেখত তাকৰ হলেও মহা যুজাৰু;আমাৰ বামুণ, কলিতা, কোচ, কেওট আদি জাতৰ ৰণুৱা একো-টাও মহাৰথীৰ নিচিনা সৰ্গদেও, মই সুন্দৰকৈ জানো। তাৰ উপৰি লাচিত বৰফুকন অকলৈ এক লক্ষ। এই মহাৰথীৰ বল বীৰ্য্য়ত সন্দেহ কৰিবলৈ একো নাই। আমাৰ লাচিত মহাবীৰ অৰ্জ্জুন। লাচিতে অকলৈ মছলমানৰ ওঠৰ আক্ষৌহিনীক সংহাৰ কৰিব পাৰে বুলি মোৰ বিশ্বাস।

 চক্ৰধ্বজ। আপোনাৰ বাক্যই সফল হওক, ডাঙৰীয়া। কেনেবাকৈ মছলমানৰ হাতত অসমীয়াৰ পৰাজয় ঘটিব লাগিলে আৰু লাজ পাবলৈ ঠাই নাইকিয়া হব। অৱশ্যে মোৰ দৃঢ়বিশ্বাস,আমি জিকিম।