পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫ম দৰ্শন ]
৬৫
চক্ৰধ্বজসিংহ।

পঞ্চম দৰ্শন।

স্থান গাৰগাওঁ। ৰজাৰ বৰচৰা।

চক্ৰধ্বজসিংহ,বুঢ়াগোহাঁই,বৰগোহাঁই,বৰপাত্ৰগোহাঁই,

আৰু সভাসদসকল )

 চক্ৰধ্বজসিংহ। ডাঙৰীয়াসকল, মছলমানেৰে সৈতে আমাৰ,বাঁহবাৰী, কাজলীমুপ, ইটাখলি, বৰনদীৰ মুখ, এই চাৰি ঠাইত লগা চাৰিখন যুজত আমি জিকাৰ খবৰ পাই মোৰ মনত যি আহ্লাদ হৈছে,তাক মই প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু ইয়াৰ পিছতে বোলে গুৱাহাটীত এখন ডাঙৰ যুজ হবৰ কথা আছিল, তাৰ একো খবৰ আজিলৈকে নাপালোঁ। তাৰ নিমিত্তে মই বৰ চিন্তিত হৈ আছোঁ। যুদ্ধৰ ঠাইৰপৰা দিনৌ মানুহে বাতৰি আনিবৰ নিমিত্তে সকলো বন্দবস্ত ইমানকৈ ঠিক থকা স্বতেও, আজি পাঁচ দিন দেখোন একো বাতৰি নাই।

 বুঢ়াগোহাঁই। হয় সৰ্গদেও, মইও বৰ চিন্তাত আছোঁ।

 বৰগোহাঁই; বোধকৰোঁ, দুৰ্ঘোৰ ৰণ লাগিছে, তাৰ ফলাফল একো নিৰ্দ্ধাৰিত হোৱা নাই দেখি বাতৰি অহা নাই।

 চক্ৰধ্বজ। ফলাফল যেইকে নহওক, দিনৰ বাতৰি দিনে অহাতো তো উচিত। ডাঙৰীয়া, এতিয়াই আকৌ নকৈ ঘোৰ-চোৱাৰৰ ডাকৰ বন্দবস্ত কৰক। আৰু এই কেদিনৰ খবৰৰ