পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১ম অঙ্ক
চক্ৰধ্বজসিংহ।

 চক্ৰধ্বজ। সম্ভৱৰ ওপৰত নাথাকিব, সম্ভৱে আমাৰ গা নুজুৰায়। আৰু খৰ্ ধৰ্ কৈ কাম কৰিবলৈ সৰহকৈ মানুহ লগাই দিয়ক। আজি পুৱা মই আমাৰ হিলৈদাৰীবোৰৰ আখৰা চাবলৈ গৈছিলোঁ। ভালেমানে এতিয়াও ভালকৈ হিলৈ মাৰিব জনা নাই। সিহঁতক মই নিজে দুপৰলৈকে আগত থাকি অনেক শিকাই দিলোঁ। দিনে-ৰাতিয়ে ভালকৈ অভ্যাস কৰিলে আৰু আখৰা দি থাকিলে সিহঁত সেই কামত শীঘ্ৰে নিপুণ হব; কাৰণ মই যিকেইটা কথা শিকালোঁ, সিহঁতে টপ্ টপ্ কৰে শিকি পেলালে। মানুহবোৰ চতুৰ; সোনকালে সিহতে শিকিব পাৰিব। কাইলৈ আকৌ গৈ মই সিহঁতৰ আখৰা চাম বুলি সিহঁতক কৈ আহিছোঁ।

(দুৱৰীৰ প্ৰবেশ। )

 দুৱৰী। (আঠু লৈ,সেৱা কৰি) সৰ্গদেও -ঈশ্বৰ, কলীয়া বৰৰ ফুকন আৰু ৰাজখোৱাৰ ওচৰৰপৰা কটকী আহি দুৱাৰতে আছে।

 চক্ৰধ্বজ। ভিতৰলৈ আহিবলৈ দে।

(দুৱৰীৰ প্ৰস্থান। )

(কটকীৰ প্ৰবেশ।

 কটকী। (আঠুকাঢ়ি সেৱা কৰি) সৰ্গদেও. কলীয়াবৰৰ ফুকন আৰু ৰাজখোৱাই সৰ্গদেৱলৈ সেৱা জনাই কৈছে বোলে,মুছলমানৰ বৰ কথা আৰু বেয়া ব্যৱহাৰ দিনে দিনে সহিব নোৱৰা হৈ উঠিছে। এতেকে সৰ্গদেৱে যি ভাল বুজে সোনকালে এটা