পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন ]
৬৩
চক্ৰধ্বজসিংহ।

কাণ কলা কৰিলে। দিন দুপৰতে ইহঁতে এনে একোটা মিছা কথা চৰ্জ্জি উলিয়াবলৈ ধৰিলে। সিন্ধিৰাম আৰু টোকোৰালৈ চাই। হেৰ তহঁতৰ মিছা-বেইছা আদি পাপলৈকো ভয় নাইকিয়া হলনে? ডেকাফুকন বোপা, মোৰ সোণামুৱা বোপা, তুমি ইহঁতৰ কথা চুলি এডালৰ সমানকে পতিওৱা নাই বুলি মই জানিছোঁ।

 গজপুৰীয়ানী। (গজপুৰীয়াক) দেখত ইমান অইনাই অধৰম হল দেখি হে তো মই কৈছোঁ, তুমি আকৌ মৰাঁ, এনেখন দেখত আৰু থাকিব নেলাগে।

 গজপুৰীয়া। কিনো কেপ্কেপাই থাক অ এইজনীয়ে। তোৰ কথাতে গজপুৰীয়া মৰিম নে কি! ইমান খন দেশত আৰু মানুহ মৰিবলৈ নাই কিয়া হল হবলা! এই তোৰ গজপুৰীয়াক ইমান সস্তা পাইছ নে কি? তই মনে মনে থাক, মনে মনে থাক, কেপ্কেপাই নেথাকিবি। এই কথাৰ আও-ভাও একোকে বুজ নেপাৱ। বোলোঁ, লাওপানী আছে যদি মোক এটোপা খাবলৈ দে ভাগৰত পিয়াহত অন্তেকণ্ঠে শুকাই নিছে। -- বোপা ডাঙৰীয়া, মই এই যুজ জিকা বাবে এইবাৰ বৰফুকন ডাঙৰীয়া দেউতাক কৈ মোক বক্চি দিয়াব লাগিব; মাটিসাৰী পাটপাম দিয়াব লাগিব; লগুৱা লিগিৰী বন্দী বেটী বহতীয়া দিয়াব লাগিব। মোৰ বোপা ডাঙৰীয়া, তুমি মোৰ হকে ডাঙৰীয়া দেউতাক একাষাৰ কৈ দিলেই হব, তেখেত গুণীৰ গুণ বুজোঁতা লোক,মই জানো।