তই ফিৰুজখাঁক হৰুৱাই বন্দী কৰিছিলি নে?
গজপুৰীয়া। ডেকাফুকন বোপা, ডেকাফুকন বোপা. মোৰ কথা শুনা, তুমি সেই মিছলীয়া পলৰীয়া দুটাৰ কথাখন কেলৈ শুনিছা নো বাৰু? তুমি তোমাৰ গজপুৰীয়াৰ বীৰত্বত সন্দেহ কৰিবলৈ, গজপুৰীয়াক বেচকৈ জানা দেখোন। ( নিজৰ আঠু দুটাত লগা ঘা দেখুৱাই। ডাঙৰীয়া বোপা চোৱাঁ মোৰ আঠু দুতাত ফিৰুজখাঁ আৰু চৈয়দ চানাই হিলৈৰ গুৰিৰে মাৰ মৰা চিন এতিয়াও আছে।
সিন্ধিৰাম। মোৰ আগতে ইমান ডাঙৰ মিছা কথাষাৰ চলাবলৈ আহিছানে হাজৰিকাকাই : ডেকাফুকন ডাঙৰীয়া, মই আচল কথাটো কওঁ শুনক, বঙালে খেদি অহা দেখি আমাৰ হাজৰিকাই ভিৰাই ধৰি লৰ দিলে, অবশ্য়ে তেওঁৰ পিছে পিছে ময়ো লৰি পলাইছিলোঁ। পৰ্ব্বত সেন গধুৰ সেই মানুহটো আমাৰে সৈতে লৰিব পাৰে নে! লৰি যাওঁতে তেওঁ হামখুটি খাই পৰিল, পৰি আঠু দুটাত ঘা লাগিল। তাৰ পিছত তেওঁ আৰু পলাই সাৰিব নোৱাৰা দেখি, দুটা মৰা ৰণুৱাৰ শৱৰ মাজত লৰালৰিকৈ সোমাই দীঘল দি পৰি মৰাৰ ভাও জুৰিলে। এয়েই আচল কথা। ইস্ মই যেন দেখা নাছিলোঁ হে।
গজপুৰীয়া। ডেকাফুকন বোপা, দেশত আজিকালি বৰ অইনায় অধৰম হবলৈ ধৰিলে। মইনো আৰু কি মাতিম। ধৰমৰ মাত তল পৰিল, অধৰমৰ মাতে কাণৰ কণামাকৰি শৰাই