পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন,
৫৯
চক্ৰধ্বজসিংহ

গজপুৰীয়াৰ সমুখ হলহি। তেতিয়া গজপুৰীয়াৰ মহা আনন্দ। ফিৰুজখাঁ নে মিৰুজখাঁক নামাৰি বন্দী কৰি আমাৰ সৰ্গদেৱৰ আগত দিবলৈ তেওঁৰ ইচ্ছা হল। যেই ইচ্ছা সেই কাম। তেওঁ তাৰ বুকুত এটা ধনঞ্জয় গোৰ শোধাই দিলে। একে গোৰতে ফিৰুজখাঁ নে মিৰুজখাঁ লুটিখাই বিমুচ্ছিত হৈ পৰিল। যেই পৰা, সেই তাক ধৰি হাতীৰ ফযেৰো বন্ধা, আৰু আমাৰ কোঠৰ ফালে পঠিওৱা। সিহঁতৰ এটা সেনাপতি সেইদৰে, গজপুৰীয়া হাজৰিকাৰ হাতত পৰা দেখি, আনটো সেনাপতি চৈয়দ চেনা নে মেনাই গজপুৰীয়াৰ ফালে শুষ্কাৰ মাৰি খেদি আহিল। সেইটোৰ লগত আৰু দহ হেজাৰ চিপাহী। তেতিয়া গজপুৰীয়াই বিমবিৰ কৰি বুজিলে যে, তেওঁ অকলৈ এই সাগৰ সঞ্চাশ বঙাল চিপাহীৰে যুজাটো সম্ভৱ নহয়; গজপুৰীয়া মহাবীৰ হলেও, তেওঁ অসাধ্য সাধন কৰিব নোৱাৰে। ইয়াকে ভাবি তেওঁ বুধি কৰি আমাৰ ফালৰ দুটা মৰা ৰণুৱাৰ মাজত সোমাই পৰিল। মুৰ্খ বঙালে তেতিয়া গজপুৰীয়া মৰিল বুলি এৰি গুচি গল। এইটোৱেই এইখন ৰণৰ ঘাই বৃত্তান্ত।

 [ প্ৰিয়ৰাম। হেৰ ফিৰুজখাঁৰ সৈতে দেখোন মোৰহে যুজ লাগিছিল, আৰু ময়েহে দেখোন তেওঁক বন্দী কৰিলোঁ। তই ফিৰুজক বন্দী কৰিবলৈ পালি কত? আৰু চৈয়দ চানাক মোৰ দেউতাই নিজ হাতে বন্দী কৰে?

 গজপুৰীয়া। তাৰ আগেয়ে, তাৰ আগেয়ে।