সমললৈ যাওক

পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৮
[ ২য় অঙ্ক,
চক্ৰধ্বজসিংহ।

কন্দাবোৰেৰেই তেতিয়া কাম চলিব, আৰু ন-কৈ কান্দিব নেলাগেই। বোলোঁ তোৰ কাম সস্তাহে হৈ থাকিল।

 প্ৰিয়ৰাম। বাৰু গজপুৰীয়া, কচোন, তই এইদৰে মিছাকৈ মৰাৰ ভাও জুৰি মৰা মানুহৰ মাজত পৰি আছিলি কিয়? কচোন, মোক নাভাবিবি।

 গজপুৰীয়া। (মুৰত আঙুলি দি বোলোঁ বধি, বুধি; তোমালোকে গজপুৰীয়াক কম মানুহটো যেন দেখিছা নে কি? গজপুৰীয়াই বুধিৰে গোটাইখন আসাম দেশ কিনি লব পাৰে।

 প্ৰিয়ৰাম। কি বুধি কৰিছিলি কচোন :

 গজপুৰীয়া। শুনা তেন্তে। ইয়াকে বোলে ন-কৈ হাজ ৰিকাৰ খিতাপ পোৱা গজপুৰ যাৰ কেৰামতী। --গজপুৰীয়া হাজৰিকাই এই বুঢ়া গাৰেই তেওঁৰ এহেজাৰ কাঁৰী লৈ, পাঁচ হেজাৰ মান বঙাল চিপাহীৰে তয়াময়া ৰণ কৰিছিল। গজপুৰীয়াৰ সেনাই এফালৰপৰা বঙালৰ সেনাক কলগছ কটাদি কাটি নিবলৈ ধৰিলে। বঙালৰ পাঁচ হেজাৰ চিপাহীৰ আঢ়ৈকুৰি মানহে বাকী আছিল গৈ,এনেতে বঙালৰ ফিৰুজখাঁ সেনাপতি, আকৌ দহ হেজাৰ চিপাহীৰে সৈতে গজপুৰীয়াৰ এহেজাৰৰ ওপৰত পৰিল। আমাৰ ৰণুৱা ইমানটো ডাঙৰ হেঁচা চম্ভালিব নোৱাৰি হুহকিবলৈ ধৰা দেখি, তোমাৰ গজপুৰীয়া হাজৰিকাই হাতত তৰোৱাল লৈ আগবাঢ়ি গল। বোলোঁ সৰহ নকওঁ, পাঁচ শ বঙালক গজপুৰীয়াই অকলৈ কচু কটা দিলে। এনেতে সেই ফিৰুজখাঁ নে মিৰুজখাঁ