পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন,]
২৫
চক্ৰধ্বজসিংহ।

 গজপুৰীয়া। নাৰিকলৰ পেটত পানী নেথাকে নে?

 টকৌ। থাকে।

 গজপুৰীয়া। তেন্তে আমাৰ পেটত লাওপানী নাথাকিবৰ কাৰণ কি?

 প্ৰিয়ৰাম। একো কাৰণ নাই। আন লাওপানী।

 এটাইকেটাই "আন লাওপানী" বুলি চিয়ঁৰে, আৰু গজপুৰীয়ানীয়ে লাওপানী আনে।

 গজপুৰীয়া। ডেকাফুকন বোপা, আজি তোমালৈ মোৰ বৰ মৰম লাগিছে। চুমা এটাকে খাম নে?

 টকৌ। চেলেকা এটা মাৰাঁ; তোমাৰ জাতৰ প্ৰাণীয়ে তো চুমা খাব নেজানে।

 টোকোৰা। মই কওঁ,চুমাও নেখাবা চেলেকাও নামাৰিবা; সেই দুইটাতে বিপদ। সেইদেখি শুঙা এটা মাৰা।

 জপৰা। তাতো বিপদ আছে। মই কওঁ গজপূৰীয়া, তোমাৰ যদি ডেকাফুকন ডাঙৰীয়ালৈ ইমান মৰম লাগিছে, তেন্তে তুমি উঠি অলপ দূৰলৈ যোৱাঁ; গৈ তাৰপৰা কাহ এটা মাৰি দিয়া গৈ। তেনেহলেই মৰমে তোমাৰ ডিঙিত সুৰ্ সুৰাইছে বুলি জনা যাব। কি কৱ সিন্ধি?

 সিন্ধিৰাম। তাতোকৈ ভাল, যদি তেওঁ দূৰৈৰপৰা ডেকাফুকন ডাঙৰীয়াৰ ফালে চাই দীঘলকৈ হুমুনিয়াহ কাঢ়ি দিয়ে। টকে।