পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১৫৬
চক্ৰধ্বজসিংহ।

কানীক আগৰ দৰে সম্বোধন কৰি বন্দীৰে সৈতে দম কৰি চোকা হৈ আছিল দেউতা ঈশ্বৰ,—তাক দেখিয়েই “ইমান সাহ পালিহি নে?” বুলি হাতত সোতা লৈ এনেকৈ যি খেদা দিলে, সি পলাবলৈ তৎ নেপালে দেউতাঈশ্বৰ!

 বৰফুকন। (হাঁহি) বাৰু হল যা এতিয়া। আন এসময়ত আহিবি।

[ গজপুৰীয়াৰ প্ৰস্থান।

বোপা প্ৰিয়ৰাম, তোৰ মাৰলৈকো এখন চিঠি লেখ। তাত আমাৰ সকলোৰে কুশল মঙ্গল লেখিবি। আমি দুই-চাৰি দিনতে ঘৰৰ ফালে যাত্ৰা কৰিম বুলি লেখিবি। আৰু এটা কথা লেখিবি, শদিয়াখোৱা গোহাঁই বোপাও আমাৰ লগতে যাব। এই যুজত তেওঁৰ কাৰ্য্য়-কুশলতা দেখি মই বৰ সন্তোষ পাইছোঁ। ঘৰ পায়েই সোনকালে তেওঁৰে সৈতে চেনেহী আইদেওৰ বিয়াখন পতা যাব।

আঁৰ-কাপোৰ।

অন্ত।

Printed by Aditya Charan Dass,--at the Bhabanı Pilates 3. Harrison-Road, Calcutta.