পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯ম দৰ্শন, ]
১৫৫
চক্ৰধ্বজসিংহ।

গুণৰ মোল বুজিব? বোপাদেউতাই ৰং কৰি কথা উৰাই ধেমালি কৰে, কিন্তু আনে তো আৰু সেইটো নুবুজে, আনে তাকে সঁচা বুলি ভাবে।

 বৰফুকন ( হাঁহি ) হেৰ হাজৰিকা, তই যে ৯৯৯টা মছল- মান কাটিলি বুলি কলি, আৰু এটা কাটি নো এহেজাৰ পূৰাকৈ নথলি কিয়?

 গজপুৰীয়। দেউতাঈশ্বৰ, বন্দীয়ে এটাৰ নিমিত্তে মিছা কথা- ষাৰ কেনেকৈ নো কওঁ? বন্দী মিছা কথাৰ মানুহ নহওঁ দেউতা- ঈশ্বৰ।

 বৰফুকন। (মিচিকীয়াই হাঁহি ) বেছ বেছ, সত্যবাদী গজ- পুৰীয়া যুধিষ্ঠিৰ, বেছ!—তোৰ লগৰীয়া কেইটা কলৈ গল?

 গজপুৰীয়া। টকৌ টোকোৰোকে আদি কৰি সেইকেইটা কৰবাত আছে দেউতা! জপৰা বোলা খোৰা এটাহে যুজত পৰিল, এইকেইটাই মৰিব নাজানিলে! আজিকালি সিহঁতে দেউতাৰ বন্দী গজপুৰীয়া হাজৰীকাৰে সৈতে কথা পাতিবলৈকে সাহ নকৰে নহয় দেউতা ঈশ্বৰ। সেইবোৰ কুকুৰ-ধূলি জীৱ দেউতা। এই যুজত সিহঁতে মোৰ বিক্ৰম দেখি বুজিছে, যে মোক দেউতাঈশ্বৰে শীঘ্ৰে সেনাপতি খিতাপ দিব, সেইদেখি সিহঁতে আৰু বন্দীৰ ওচৰ- লৈ আহিলৈ সাহ নকৰে! বন্দীয়েও সিহঁতৰ মুখলৈ চাই আগৰ দৰে আৰু কথা নকওঁ দেউতা,-সাহ পায় বুলি। কালি হেনো মোৰ ঘৰলৈ এটা গৈছিল—মই ঘৰত নাছিলোঁ —গৈ সি হাজৰী-