জুমি বিচাৰি ফুৰিছিল; তাৰ পিছে পিছে ভূতুনী এজনী ফুৰিছিল। সি সেইদৰে কি কৰিছিল মই কব নোৱাৰোঁ, দূৰৰ পৰা ভালকৈ নেদেখিলোঁ। মৰা মানুহৰ মূৰবোৰ সি চোবাই খাই ফুৰিছিল হবলা। তাক মই দূৰৰপৰা দেখিয়েই মোৰ গা কঁপিবলৈ ধৰিলে হজুৰ, ভয়ত পলাই গলোঁ। এই ডাকিনী প্ৰেতিনীৰ দেশত নো বাৰু আমি যুজ কৰিবলৈ আহিব পাওঁ নে? আৰু হজুৰ নো মই কম কি, এই অসমীয়াবোৰে কেনে এটা কিৰিলি মাৰি আহি আমাৰ চিপাহীৰ ওপৰত পৰেহি!!! ঠিক যেন দৈত্য দানৱ ভূত প্ৰেতৰ কিৰিলিহে! সেই কিৰিলি শুনিলেই আমাৰ বুকু কঁপি যায় হজুৰ।
ৰামসিংহ। আমাৰ ইয়ালৈ যুজ কৰিবলৈ অহাটো ভুল হৈছিল বা নহৈছিল, সেইটো আৰু এতিয়া বিচাৰ কৰি কি হব? যি হবৰ হল। এতিয়া বাদস্যাৰ আগত কেনেকৈ মুখ দেখুৱাওঁ সেইটো হে মোৰ পক্ষে সমস্যা।
নচৰৎ। ( মূৰ দুপিয়াই ) জোনাব।
বইৰামদেও। হজুৰ, সকলো বৃত্তান্ত বাদস্যাহে আমাৰ মুখৰপৰা শুনিলে নিশ্চয় বুজিব; বাদস্য়াহ অবুজন নহয়। আসাধ্য সাধন কোনেও কৰিব নোৱাৰে,—দিল্লীৰ বাদস্য়াহেও নোৱাৰে। এনে যাদুৰ মলুক এইখন, ইয়াৰ ভয়ানক হাওৱা-পানীৰ কথাকে এৰিছোঁ আৰু যুজৰ সেনাৰ বা সেনাপতিৰ কথাকে এৰিছোঁ,— ইয়াৰ মহ, ডাঁহ আৰু জোকেই একো-একোটা বীৰবাহু, ইন্দ্ৰজিৎ