পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭ম দৰ্শন, ]
১৪৩
চক্ৰধ্বজসিংহ।

সপ্তম দৰ্শন।

স্থান-গৰগাওঁ। ৰজাৰ বৰচৰা।

কাল—আবেলি।

(চক্ৰধ্বজসিংহ আৰু সভাসদসকল)

(দুৱৰীৰ প্ৰবেশ)

 দুৱৰী। (আঠু লৈ) সৰ্গদেও ঈশ্বৰ, বৰফুকনৰ ওচৰৰপৰা কটকী আহিছে।

 চক্ৰধ্বজসিংহ। শীঘ্ৰে আহিবলৈ দে।

[ দুৱৰীৰ প্ৰস্থান।

(কটকীৰ প্ৰবেশ )

 কটকী। আঠু লৈ, সেৱা কৰি) সৰ্গদেৱ ঈশ্বৰ, বৰফুকন ডাঙৰীয়াই লৰালৰিকৈ চিঠি লেখিবলৈ সময় নেপাই মোৰ মুখেৰেই সৰ্গদেৱলৈ জনাই পঠিয়াইছে, যে মছলমানেৰে সৈতে পানীৰ যুজত সৰ্গদেৱৰ জয়।

 চক্ৰধ্বজ। (আনন্দত উত্ৰাৱল হৈ) ধন্য মোৰ লাচিত বৰফুকন! ধন্য!! হেৰ কচোন, সকলোবোৰ ভালকৈ ভাঙি পাতি ক!

 কটকী। সৰ্গদেও ঈশ্বৰ, মছলমানৰ পানীৰ যুজৰ সেনাপতি চৰিপখাঁই আমাৰ পানীৰখীয়া সেনাক হৰুৱাই তেওঁলোকৰ যুজৰ