পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২
[ ৫ম অঙ্ক,
চক্ৰবজসিংহ।

মাটিত খোৱাৰ 'আগেই) হেৰ সৰ্ব্বনাশ! মছলমানৰ সেনা গুৱাহাটীৰ নিচেই ওচৰ চাপিলেই। মোৰ ছালপীৰা মাটিত নথবি, নথবি, একেবাৰেই নাৱলৈ নে!

[ তেনে কৰা হল।

( নাৱৰপৰা) ৰাইজসকল! শুনাহঁক!–মোক সৰ্গদেৱে মছল- মানৰ হাতৰপৰা গুৱাহাটী ৰাখিবলৈ ইয়াত থৈছে। এতিয়া মই গুৱাহাটী মছলমানৰ হাতত শোধাই দি, গৰগাঁৱত লৰা তিৰুতা লৈ সুখ কৰিবলৈ যাম নে? আজি মোক মছলমানে ধৰি নিয়ক; ৰাইজে মহাসুখে উজাই গৈ মহাৰাজক সেই বাতৰি দিয়ক গৈ! (নাৱৰীয়াহঁতক) মোৰ নাও এই মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ মাজলৈ মেলি দে!

[ তেনে কৰা হয়।

⸻—