মাহ যুদ্ধ চলিল। দুয়োপক্ষৰ অসংখ্য সেনা ৰণত পৰিল। আমাৰ সৈন্যই গৰৰ ভিতৰত থাকি যুজ কৰাৰ বাবে আমাৰ হানি- তকৈ মছলমানৰ হানি অনেক হল। আমাৰ সেনাৰ বৰতোপৰ আগত হেজাৰে হেজাৰে মছলমানৰ সেনা বাগৰিলৈ ধৰিলে। অধি- কাংশ মূলত মছলমানৰ জয় অশ্বাৰোহী সেনাৰ ওপৰত নিৰ্ভৰ কৰাটো দেখিবলৈ পোৱা যায়; কিন্তু শৰাইঘাটৰ যুঁজত তেওঁ লোকৰ অশ্বাৰোহী সেনাৰপৰা একো লাভ নহল। চাৰিমহীয়া যুজত মছলমানৰ পদাতি সেনাৰ ভালকৈ পৰালি পৰিল। ইপিনে ঘোৰ বান-বাৰিষা। ' আউৰেংজীব পাটচাই ৰামসিংহৰ পদাতি সেনাৰ বল কমা বাতৰি পাই, আকৌ চৰিপখাঁ নামেৰে সেনাপতি এজনৰ, তলত বহুত পদাতি সেনা কামৰূপলৈ পঠিয়ালে। সেইবোৰ আহি উপস্থিত হলত, ৰামসিংহই মৰোঁ-জীওঁ-সোঁ-আধিকৈ আকৌ নতুন উৎসাহেৰে যুজ আৰম্ভ কৰিলে। কিন্তু এইবাৰো তেওঁৰ উদ্যমৰ একো ফল নধৰিলে। শৰাইঘাটৰ গৰৰ তলেদি সিন্ধি দিয়াই ৰামসিংহই তাত খাৰ ভৰোৱাই থৈছিল। সেই কথাৰ সম্ভেদ পাই মই ইফালৰপৰা মাটিৰ তলেদি লোৰ কটাই তাত পানী সুমাই থৈছিলোঁ; পিছে যেতিয়া ৰামসিংহই সেই খাৰত জুই লগাই দিলে জুই নেলাগিল। ইয়াৰ পিছত আৰু ৰামসিংহই শৰাইঘাটৰ ফালে গৰ পাৰ হব পৰা আশা নেদেখি, পাণ্ডুৰ ফালে ৰাঙলীবুৰু গৰৰ তলেদি সিন্ধি কাটি তাত খাৰ ঙৰাই গৰ উৰাই দিবলৈ বুধি কৰিলে। বন্দীয়ে তলে তলে চোৰাংচোৱাৰপৰা সেই মত-
পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৮
অৱয়ব