পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
[ ৫ম অঙ্ক
চক্ৰধ্বজসিংহ।

তৃতীয় দৰ্শন।

স্থান-গৰগাওঁ। ৰজাৰ বৰচৰা।

কাল-আবেলি।

( চক্ৰধ্বজসিংহ, বৰকাকতী, দূত আৰু সভাসদসকল।

 চক্ৰধ্বজ। বৰকাকতী, বৰফুকনৰ চিঠিখন পঢ়াঁ। (বৰকাকতীয়ে চিঠি পঢ়ে)-

“প্ৰবলপ্ৰতাপান্বিতগুণকৈসিন্ধু মহাৰাজ চক্ৰধ্বজসিংহ নৃপমণি

সমীপেষু,

 “স্বৰ্গদেৱ,

“ইয়াৰ আগেয়ে দিনৰ বাতৰি দিনে সৰ্গদেওলৈ কটকীৰ

মুখে পঠিয়াই আছোঁ। তাৰ দ্বাৰাই সৰ্গদেৱে চুম্বক খবৰ যদিও পাইছে, তথাপি আজি এই পত্ৰৰ দ্বাৰাই তাৰ বাহুল্য বিবৰণ সৰ্গ- দেৱলৈ লিখিলোঁ।

“আগেয়ে সৰ্গদেৱক ৰামসিংহ আৰু ৰচিতখাঁৰ কন্দলৰ বিষয়ে

জনাইছোঁ। ৰচিতখাঁই ৰামসিংহৰ ব্যৱহাৰত মৰণান্তিক অপমান পাই বঙ্গদেশলৈ অকলৈ গুচি গল। ইপিনে ৰামসিংহই অনেক সৈন্য় লৈ শৰাইঘাটত আমাৰ গৰ আক্ৰমণ কৰিলে। এই যে যুদ্ধৰ আৰম্ভ হল, ক্ৰমান্বয়ে দিনে ৰাতিয়ে অবিশ্ৰান্তভাৱে চাৰি