পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২য় দৰ্শন, ]
১২৩
চক্ৰধ্বজসিংহ।

জীব বাদস্য়াহৰ সেনাপতি ৰামসিংহৰ হুকুম। তথাপি যদি নুশুনে, দহজন চিপাহী তোৰ লগত যাওক, ৰচিতখাঁৰ তামিধৰাৰ ফইবোৰ কাটি তামিঘৰা তুলি দে গৈ।

 দূত। হজুৰৰ যি হুকুম।

[ দূত প্ৰস্থান।

 ৰামসিংহ। মিঞা নচৰৎখাঁ, আমি আৰু এইদৰে ইয়াত থকা উচিত নহয়। কাইলৈ পুৱাই অসমীয়াৰ শৰাইঘাটৰ গৰ আক্ৰমণ কৰিমহঁক। তোমালোক সকলো প্ৰস্তুত হোৱাহঁক।

 নাচৰৎখাঁ। (মূৰ দুপিয়াই ) জোনাব।

___________