পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
[ ৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

 টকৌ। হেজাৰ চৰায়ে টোকোৰা চৰাইৰ মূৰত উঠি চৰণ চলাই নচাদি নাচিবি বুলি ক, তেনেহলে আৰু খেও খাব।

(টোকোৰাই মুখেৰে ফোৰোহনি মাৰে। )

 প্ৰিয়ৰাম। কি কৰিছ?

 টোকোৰা। মুনিয়া টকৌগুটিবোৰ ফুৱাই উৰাই দিছোঁ।

 গজপুৰীয়া। ডেকাফুকন বোপা, মই অকলৈ এইখন যুজ জিকিবলৈ গাত লৈছোঁ। পাট্চা-ফাট্চা, উজীৰ-নাজিৰ, ৰামচিং- ধিটিংটিং, ৰচিতখাঁ-বৰাখাঁ, সোপাকে অকলৈ গজপুৰীয়াই তাৰ গজ-পেটত সুমাই থব। ---দে হাজৰিকানী দে, দে সেনাপতিয়নী গজপুৰীয়ানী দে, তোৰ গজপুৰীয়া সেনাপতিক আকৌ এবাটি লাওপানী দে! “এইস্যা বৰা পেট লেকে” বঙালৰ ওপৰত পৰি এইবাৰো সোপাকে চেপি জোল কৰি পেলাম! কোনে কৈছিল—বঙালে আমাৰ আসাম লব? ফুঃ! দে দে সোনকালে লাওপানী দে খাই “গৰম" হৈ লওঁ!

(এটাই কেউটাই আকৌ লাওপানী খায়। )

 (টকৌয়ে গায় )--

(গীত )
সোণৰ আসামত আমাৰ জনম,
সোণৰ মাটি পানী।
আসামত মৰি ধইন হম,
আসাম আমাৰ ৰাণী।