পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৰ্শন, ]
১০৯
চক্ৰধ্বজসিংহ।

বঙাল কাটি খাস্তাং কৰিম,
টাক্ ধিনা ধিন্ ধিন্!
(২)
আমি অসমীয়া জাতি,
যুজত নাইকিয়া ঘাটি,
বেলিৰ দৰে দিন পোহৰাম,
জোনৰ দৰে ৰাতি।
(৩)
আমাৰ ৰজা চক্ৰধ্বজ,
আমি প্ৰজা দিগগজ,
লাচিত ফুকন, আমাৰ ৰতন,
টাক্ ধিনা ধিন্ ধিন্।

 টেকোৰা। বেচ গাইছ, বেছ গাইছ। আমাক কোনে বহতীয়া কৰে অ?

 গজপুৰীয়া। কোনে কৰে অ?

(এটাই কেউটাই, কোনে কৰে অ? বুলি একেলগে
চিয়ঁৰে, আৰু লাওপানী খায় )

 টোকাৰা। কৃষ্ণই কালীসৰ্পৰ হেজাৰ ফণাত উঠি নচাদি মই হেজাৰ বঙালৰ মূৰৰ পাগুৰীৰ ওপৰত উঠি নাচিম, চাৰি।