(চেনেহী ব্যস্তভাৱে আকৌ তাঁতশালত বহে। )
ফুকননী। আৰু নুশুধিবা বোপা, নুশুধিবা। তাই নিজেও তাঁত-সূত একো নবয়; বায়েককো দিগ্দাৰি কৰি তৎ এৰুৱাব লাগিছে। এতিয়াই এঢকা লগাব খুজিছিলোঁ, লৰ মাৰিলে। -- গুৱাহাটীৰ ফালৰ আৰু কিবা খবৰ আহিছে নে বোপা?
শ, খো, গো। আহিছে। এইবাৰ বোলে শৰাইঘাটত ডাঙৰ যুজ লাগিব যো-যা হৈছে।
চেনেহী। ঈশ্বৰে এইবাৰো আমাৰ জয় কৰিব। দেউতা আৰু ককাইদেউক যুদ্ধত ঈশ্বৰে নিৰাপদে ৰাখি আকৌ আমাৰ মাজলৈ আনি দিয়ক যেন, মই দিনে ৰাতিয়ে ঈশ্বৰৰ চৰণত এই প্ৰাৰ্থনা কৰিব লাগিছোঁ।
শ, খো, গো। (চেনেহীৰ ওচৰলৈ গৈ) নিশ্চয় ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিব। --চাও,—এইখন সুন্দৰ পাটৰ ৰিহা বৈছা। ফুলটিও সুন্দৰ হৈছে।
চেনেহী। যাওক, মিছাকৈ প্ৰশংসা নকৰিব, ভাল হোৱা নাই।
শ, খো, গো। মই মিছা প্ৰশংসাহে কৰিলোঁ?—আই- দেউতা চাওকচোন, কেনে সুন্দৰ হৈছে!
ফুকননী। ৰূপহীয়ে তাতে আহি ঘণে-ঘণে তাইক আমনি কৰিব লাগিছে।
চেনেহী। মই নথকাত আহি ৰূপহীয়ে হাত লগাই এইডোখৰ