পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
[ ৪ৰ্থ অঙ্ক,
চক্ৰধ্বজসিংহ।

“ধান খায় সিপাৰে।

আটিমুটি কৰে ইপাৰে। ”

( চেনেহীয়ে আকৌ তাঁতত বহি কাপোৰত গুণাৰ ফুল বাছে,
ৰূপহীয়ে ভিতৰৰপৰা ভাটৌ এটা ডালটোৰে
সৈতে লৈ আহি পঢ়ায়)

 “পঢ় বাবাজী আত্মাৰাম পঢ়--

বছৰেকেত বেওঁ, ছমাহত ঘেওঁ।

এইজনী শিপিনী কাৰ বুকত দিওঁ॥”

 চেনেহী। (মাকক মাতে) আইতা, চোৱাঁহিচোন, ৰূপহীৰ দিগ্দাৰিত মই থাকিব নোৱৰা হৈছোঁ!

[ ৰূপহীয়ে ভাটেীটো লৈ লৰ মাৰে। চেনেহীয়ে আকৌ কাপোৰত
ফুল বাছে। ৰূপহীয়ে হাতত মেকুৰীপোৱালি এটা
লৈ আহি মেকুৰীটোলৈ চাই দূৰৰপৰা গায় ]--

মেওঁ! নহয় নে বাৰু?-
“দুডাল সূতা এডালকৈ।
লহ্ লহ্ কৰে নিয়ে বৈ॥
বৰ বাই কেনেকুৱা কাজী।
বেৰৰ জোলোঙাই চাই পঠিয়ালোঁ,
ধৰিব নেজানে পাঁজী॥”