পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন, ]
৯৭
চক্ৰধ্বজসিংহ।

তৃতীয় দৰ্শন।

স্থান-গৰগাওঁ। লাচিত বৰফুকনৰ ঘৰ।

কাল-আবেলি।

(চেনেহী তাঁতৰ পাটত। ৰূপহী কাষতে থিয়। )

 চেনেহী। চাচোন ৰূপহী, তই এইবোৰ ছিঙি ভাঙি কি কৰিলি! সূতা জোৰাওঁতে জোৰাওঁতে এতিয়া মই হাইৰাণ হব লাগিব।

 ৰূপহী। কোনে কলে মই ছিঙিলোঁ-ভাঙিলোঁ বুলি?

 চেনেহী। তেন্তে কোনে ছিঙিলে?

 ৰূপহী। কেনেকৈ কম কোনে ছিঙিলে? তুমিয়েই ছিঙিলা হবলা।

 চেনেহী। তই আজিৰপৰা মোৰ তাঁতশালৰ কাষলৈ আহিলে দেখিবি মজা।

 ৰূপহী। দেখিম তো মজা, শদিয়াখোৱা আহিলে।

 (চেনেহীয়ে ৰূপহীক মাৰিবলৈ উঠে, ৰূপহী লৰি পলাই দূৰ পায় গৈ)

 চেনেহী। বাৰু যা, তোক পাম, মোৰ হাতৰপৰা ক'ত সাৰিবি আজি?

 (ৰূপহীয়ে দূৰৰপৰা বোজোনা মাতে)-