পৃষ্ঠা:ঘোৰা নিদান.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
82

১৩। ঢাকা মুদ্গৰ।

 ঔষধ—ঢেপা ডুমৰু চাল, বকুলফুলৰ চাল, গাঠিয়ন, কাকৰা-গাতৰ পানি, ঢেকিথুৰাৰ মুৰত দি চাব তিনটা মাৰিব তাতে যিখানি ৰই সবাকো থোপাই বটি খুয়াব নাস।


৯৪। মৌবিচনিয়া।

 লক্ষণ—ঘোৰৰ বিচি ফিঙ্গি ওলমে তাকে মৌবিচনিয়া বোলে।
 ঔষধ—মৌবিচনি পুৰিব মাটি ফুৰুহা চাই কৰিব কঠালৰ ডিলা চাই কৰিব হিলৈমাৰা বাখৰ চাৰিকো সানি মিসলাই ঘসি ধুয়াব খুৱাব তাতে মোবিচনিয়া নাস।


৯৫। ৰক্তসাৰ।

 লক্ষণ—গুহ্য ভূমিয়ে যদি তেজ বই তাকে ৰক্তসাৰ বোলে।
 ঔষধ—মৌসবালিৰ আগ, পুৰণি ভাঙ্গৰ পাত পাতত দি বঙ্গলা লোনেৰে খুয়ালে ৰক্তিসাৰ নাস।


৯৬। ৰসভৰ ব্যাধি।

 লক্ষণ—গাৱত যদি ভোবৰ-ভোবৰি ফিঙ্কে তাকে ৰসভৰ ব্যাধি বোলে।
 ঔষধ—১। ভলুকা বাহৰ গাজ বটি কাজিৰে মিসলাই খুয়ালে ৰসভৰ ব্যাধিৰ নাস।

অথবা

 ২। ভলুকা বাহৰ থোৰ নলগজালি লোনেৰে বটি খুয়ালে তথা নাস।