পৃষ্ঠা:ঘোৰা নিদান.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

80


 ২। কেহেৰাজ, হংসৰাজ, ভৃঙ্গৰাজ, বাতৰাজ, শগুনৰ পাখি সবাকো পুৰি চাই কেচা খলিহৈৰে ধুয়াই কানিৰ টুপলি কৰি টিকিলাই দিব।
 ৩। খুয়োয়া দাৰু—পিপলীৰ ঠাৰা, গোৰখচৈ, মৰঙ্গ আদা, নহৰু, পিয়াজ, জাবৰাঙ্গ, মাহডলি একঠা, পিপলী একমুঠা, জালুক একমুঠা, লোন এমুঠা সবাকে ৰান্ধি খুয়ালে মামৰসি নাস।
 ৪। আঠিয়া কলৰ বাকলি পুৰি এৰি তেলেৰে ঘসিব, খলিহৈ সৈতে গা ধুয়াই ঘসিব এতেকে ঘোৰাৰ মামৰসি নাস।
 ৫। আলগন্যে খুন্দিব পুৰনা মাটিমাহৰ একডোন ডালি কাতিমহিয়া কলা খাৰনিৰে ৰান্ধি ৰৌদ্ৰত ঘসিব পাচে ধুয়াই আনিব এতেকে মামৰসি গুচে।


৯২। মুদ্ৰা ৰোগ।

 লক্ষণ—আঠুৰ দুয়োফালে মেৰুণ্ডা হেন হই তাকে মুদ্ৰা ৰোগ বোলে।
 ঔষধ—ফালি পুজপানি উলিয়াব ছালকুঞৰিৰ পাত পাতত দিব ঘিউ মিহলাই তাৰে বান্ধিব। ধুথুৰাৰ পাত এৰা পাত দুই পাতেৰে বান্ধিব তেবে ভাল হই।

৯২। মুদ্গৰ

 লক্ষণ—প্ৰসাব কৰিব নোৱাৰিলে মুদ্গৰ বোলে।
 ঔষধ—শথৰ আগ ৭টা, বনশথৰ আগ ৭টা, হেলচিৰ আগ ৭টা, বঙ্গলা লোনেৰে খুয়াব মুদ্গৰ নাস। যদি পেচাপৰ বাটবন্ধ হই ঘোৰাৰ চুলি চাখনি তিয়াই পেচাপৰ বাটে সুমুয়াই দিব।