পৃষ্ঠা:ঘোৰা নিদান.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

60


 ২। চামৰ তাৰু, বিহ ঢেকিয়াৰ সিপা, ডিঙ্গৰি খাটিৰ সিপা তিনিকো বটি বঙ্গলা লোনেৰে খুৱাব তেবে নাস।


৪৯। তালুক ব্যাধি।

 লক্ষণ—ঘাহ খাব নৰে লাল বহে তাকে বোলে তালুক ব্যাধি।

 ঔষধ—কৰাই গচৰ দক্ষিণৰ চাল, সঙ্গলা ছাল, তালপত্ৰ দুভাগ, দৰপ এভাগ, জলকিয়া, বাঙ্গন সবাকে বটি বঙ্গলা লোনেৰে খুৱাব।


৫০। তেজখোৱা।

 ঔষধ—পুৰণি কপাহৰ তুলা লাই গুটি সমে বটি দিব।


৫১। তেজসাৰ।

 ঔষধ—বটাৰ সিয়া ৯ ভাগ, তৰাৰ সিয়া ৯ ভাগ, লৰা তিতাৰ সিয়া ৯ ভাগ, সৰশিঙ্গা পশুৰ চোঞ্চ, পকা পান সহিতে বটি খুৱাব এতেকে তেজসাৰ নাস।


৫২। দুদ ফুটা।

 ঔষধ—পাৰিজাতৰ গুটি, তেজমায়াৰ চাল, জালকতিৰ সিপা, হাচুতি ভৰি-তলুৱাৰ চাল আকে দিলে নাস।


৫৩। ধুপুনি ব্যাধি।

 লক্ষণ—পুৱা দুপৰিয়া যুপিব তাক ধুপুনি ব্যাধি বোলে।