পৃষ্ঠা:ঘোৰা নিদান.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

56


 ঔষধ—পুৰণি গুৰ ব্যাধিৰ ওপৰত লিপি দিব ডাঠ কৰি। পাচে লৌহ তপতাই গুৰৰ ওপৰত দিব গুৰ পুৰি জক্ষ্মা পুৰিব তেবে গুচে।

৪১। জালিমৰা বা কোনমৰা।

 লক্ষণ—ঘোৰই কান মুৰ পেলাই থাকে।

 ঔষধ—আদ পোৱা জালুক, নগাপান এটা দুইকো খুৱাব কোনমৰা গুচে।


৪২। জালোৱা।

 লক্ষণ—আঠুৰ মুলত টেমেনা বান্ধে জদি তাক জালোৱা ৰোগ বোলে।

 ঔষধ—নৰনিৰে চিৰ দি কলাই খাৰ লিপি দিব, ধুতুৰাৰ পাতত ঘৃত মিসলাই বান্ধিব। হিং সুমাই দিব।


৪৩। জিকিৰি ব্যাধি।

 লক্ষণ—প্ৰসবত পুজ জাই উঠিলে ঘুমাই তাকে বোলে জিকিৰি।

 ঔষধ—জিকাৰ গুটি পাচটা, হাথিকাকিৰলৰ গুটি পাচটা, দেওতৰাৰ গুটি পচটা সবাকে বটি খুৱাব, গাৱত ঘসিব জিকিৰি ব্যাধি নাস।


৪৪। পোৰা জিকিৰি।

 ঔষধ—শতমুলৰ সিপা, ভেটকুল, পুৰিকুহিয়াৰ নিমুটেঙ্গা দুয়ো ৰস, পকা আঠিয়া কলৰ গোট গুচাই আৱাঁ‌ গাখিৰে সবাকো মিহলাই খুৱাব নাস।