পৃষ্ঠা:ঘোৰা নিদান.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

50

বিলক্ষী, কুচিলা তিন তোলা সবাকো বটি একত্ৰ কৰি তোলা প্ৰমাণে বৰি কৰিব গধুলি গধুলি খুৱাব জহৰ বাত ৰোগ নাস।

 (ডাৱৰত আৰু জাৰকালিত খুৱাব ৰৌদ্ৰত নুখুৱাব তবে একো ব্যাধি নহই।)

 ৩। কাতুৰিৰ পেটা, জতৰমালাৰ চাল, পুৰনি কোমোৰাৰ বুক আৰে ৰস লালি দি খুৱাব গাৱত ঘসিব জহৰবাত ব্যাধি নাস হবো।

 ৩ (ক)। জদি নুগুচে ঘোৰাৰ চাৰি ভৰিৰ চাৰি ডখৰি কাটি লব, মানুহৰ চুলি, জোৰ গুৱাৰ বাকলি, মনুষ্যৰ কুন্তল আকে নলৰ চুঙ্গাত ভৰাই জুই লগাই নাকে মুখে ধোৱা দিলে এতেকে নাস।

 ৪। জাতি ঘিলা, মাকৰি ঘিলা, চেৰফাল, ভোটৰ খাৰু, ৰঘুনাৰনিকটা, কুমাৰনিৰ বাহ, বাদুলি খোয়া আঠিয়া কলৰ বাকলি, মৌৰাচক্ৰ, নাৰিকলৰ বাকল পুৰিব ৰঙ্গা কৰিব কাহৰ বাটিত পেলাব সেই পানী খুয়াই দিব জহৰবাত ব্যাধি নাস।

 ৫। কলাক্ষাৰ, তামাখুপাত, আৰৈ চাউল, ভোট জালুক, নহৰু, পিয়াজ, সবাকে বটি খুৱাব জহৰ বাত নাস তাৰ পাছে পোৰা উধানৰ মাটি সুখনাই গাত ঘসিব ব্যাধি নাস।

 ৬। লাই গুটি, পটাৰ গুটি, কলাকচু, ভোট জালুক সবাকে বটি খুৱাব।