পৃষ্ঠা:ঘোৰা নিদান.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

48


 ৫। ভোলা বাঙ্গন পুৰি বঙ্গলা লোনেৰে খুয়াব ঘোৰা চিকন হই।

 ৬। কোমোৰা পুৰি লোনেৰে খুৱাব ঘোৰা চিকন হই।

 ৭। কুকুৰা কনি এটা, কলা ধুতুৰাৰ গুটি ৩ তোলা, গুনৰাজ ৩ তোলা, ইহৰ মুল ইয়াকে খুৱালে চিকন হই বান্ধ লয়।

৮। মাহ এসেৰ, কুকুৰা এটা, নহৰু দুটা, পিয়াজ পাচোটা, জাবৰঙ্গ এমুঠি, তেজপাত এমুঠি আকে ৰান্ধি লোন দি খুৱাব, আৰু (৮ক) মাহ এসেৰ, শালমাছৰ চনা, হালধিৰ ৰস, পিয়াজ, হালিম, আদা, লোন, বনিধনেৰে উষুয়া খুৱাব তেজ বল গাৱ বাঢ়ে।

২৯। চেৰনি।

 ঔষধ—ঘোৰাই চেৰিয়ালে কঠাল পাত ৭টা ঘিউ মিহলাই খুৱাব সেকিব চেৰনি গুচে। অথবা কলিয়া বৰাৰ চাউল, অউৰ বাকল দুইকো ভাজি গুৰি কৰি পুৰনি লালিৰে মিঠাই সাজি খুৱাব চেৰনি গুছে।

৩০। জহৰবাত।

 লক্ষণ—ঘোৰ কাম্পে খাব নপাৰে ঘাম বই মুখ শুকাই চকু ৰঙ্গা হই কাহে দেৰ দিনতে মৰে। পিয়াহ ধৰে সেহনি ধৰে পেট গিৰগিৰাই মুখে বিজাল আহে।  ১। জালুক আদপোৱা, আদা আদসেৰ খুন্দি পিঠাগুৰিৰে লাৰু বান্ধি খুৱাব।

 ২। কাজি খাৰ আদসেৰ, মগুমাহৰ গুৰি আদাসেৰ, সুয়গা দুতোলা পুৰি চাই কৰি লব; কাফিং দুতোলা, তিলৰ তেল দেৰ পোৱা, এতোলা লক্ষী, এতোলা