পৃষ্ঠা:ঘোৰা নিদান.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

34



৫। কৰ্ণমূল।

 লগণ—কাণৰ গুৰিত উখহি হোৱা ঘা।
 ঔষধ—টেমেনা পাত, এৰা পাত দুইকো তপতাই বান্ধিব সেব তেবে ভাল হই।

৬। কাচোৱা ব্যাধি।

 লক্ষণ—তলপেত ফিঙ্কি আহে, বুকত খাম দি ফিকে তাকে কাচোৱা ব্যাধি বোলে।
 ঔষধ —১। জাতৰমালাৰ দক্ষিণৰ চাল বঙ্গলা লোনেৰে খুৱাব, সিতাৰে সেকিব কাচোৱা ব্যাধি নাস।
 ২। চেঙ্গৰ চাল, জোতৰমালাৰ চাল, বাঘনলাৰ চাল, মধুফলৰ সিপা, চুৰ্ণ, আলান্ধু, কলৰ পানি দি বটি লিপি দিব নাস।


৭। কাহ বা কাস॥

 লক্ষণ-ঘোৰা কাহে জদি তাকে কাস বোলে।
 ঔষধ— ঘোৰাৰ কাহ গুচে —১। এৰামুল, তিতামুল ( চিতামুল ), আকনৰ মুল, কেটুৰী, ধনিয়া, জনি, সুলফা, চান্দ, কালজীৰা, হিঙ্গ, সৈন্ধব, সবাকো চূৰ্ণ কৰিব খুৱাব।
 ২। আকণৰ পাত সাতোটা পাতত দি লোন সমে খুয়া হলে কাস ব্যাধি নাস।
 ৩। অথবা বন নহৰু পুৰি নিয়ৰত দি লেনেৰে খুৱাব তথা নাস।

৮। কুকুৰিয়া ব্যাধি।

 লক্ষণ—পেটে মাতে কেমেৰাই মুৰডাঙ্গি ফুৰে ঘাহ পানি নাখাই উঠিলে ঘুমাই তাকে কোলে কুৰকুৰিয়া ব্যাধি।