পৃষ্ঠা:ঘোৰা নিদান.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

32



দ্বিতীয় পটল।


১। অমূৰ্ত্তক ব্যাধি।

 লক্ষণ—ঘোৰায় নাখাই, উঠি পৰি থাকে, তাকে অমুক ব্যাধি বলে।
 ঔষধ—১। আফু এসেৰ সমানে খুৱাব। ২। জালুক পিপলী দুইকো বাটী এঁৱা গাখিৰত মিহলাই খুআব তথা নাস। আৰৈ চাউল পিপলী কচু তিনিকো সমকৰি লই গৰুৰ ঘৃতত সিজাব, জুৰ কৰি মূত্ৰৰ বাটত দিব তথা ব্যাধি নাস।

২। আখৈয়া ব্যাধি।

  লক্ষণ—জিউ দাৰিৰ মুৰত আখৈ ঠেনা হই উফৰি পৰে তাকে আখৈয়া বোলে।
 ঔষধ—মানিমুনি তিনিৰো ৰস লই তেলোত মাৰি পাৰোৱা পাখিদি যাচ য়াচ কৰি দিব নাস।

৩। ঘোৰ আৰিক হই খোৰোয়া।

 ঔষধ—ডোম চোৰাতৰ পকা পাত ৭, বচৰ পাট ৭, হাৰ ঘুনুচা, নলজোৰা সবাকে খুন্দি কাপোৰেৰে বান্ধিব।


৪। আৱাঁ।

 ঘোৰাৰ আৱাঁ‌ তালুত হই ঘাহ নাখাই।
ঔষধ—আৱাঁ ‌বিন্ধি লোন ঘসিব তেবে ভাল হই।