পৃষ্ঠা:ঘোৰা নিদান.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

4



ভাল ঘোৰা চিনিবৰ উপায়।

 ঘোৰাৰ চাৰিউ মেৰে ফুৰিব, চকু জদি প্ৰচাৰ কৰে কান থিয় নকৰে বয়া ঘোৰা। তাৰ উপৰত উঠি মাৰিধৰি চাব, তাৰ তাত বিচাৰি চাব, ধৰি মাৰি চালে জি লেতেৰা কৰে সি আৰু লেতেৰা কৰিব, নকৰিব হেন এনে হই জদি ক্ষিণ হই, পুষ্ট হলে নগাও কৰিব, জদি পুষ্ট হলে লেতেৰা নকৰে প্ৰমান পাই পলমেহে ঘটে।


খোৰা চিনিবৰ কথা।

 ঘোৰাটো দুৰকৈ ফুৰাব, ঘামিলে সমান মাটিত ৰাখিব, নিৰহকৈ ধৰি থাকিব একদণ্ডমান, জেইটো সৰু হল সেইটো খোৰা। জদি তেও নাপাই দুখোজ বা চাৰি খোজ গলে লাহি লই এগৰিয়াতকৈ ফুৰাই চাব, আৰু বেৰিয়া পাকে ঘুৰাই চাব বকুনা পিঠিৰ ফালে গিদৰ সিয়নিলৈ, জেই ফালে মাল হেচি ধৰে, সেই ফালে মাহেক তিনি পক্ষতে খোৰাই, টান হতিয়াকৈ ফুৰালে সেই দিনাই খোৰাই। জদি এফালে আগিলা ঠৰাদি থাকে নেডাঙ্গে বা দমকা খাই সেই ফালে খোৰা, সেইটো দুখ পোৱা খোৰা। আৰু সালতে মাহদি চাব, জদি দুয়োটা আগিলা খঞ্জতে টানি আফালে ভালে, জিটে লাহে লাহে ওপৰতে মাৰে সেইটো মলিয়া, তাকে শুই উঠাতে চাব, জেইফালে ভৰদি উঠিব পাৰে ভাল, নোৱৰা ফালে বয়া।


ককালৰ বলাবল পৰীক্ষাৰ উপায়।

  জদি হেসনি ধৰি ফুৰে, মাৰিলে ধৰিলে নচলে, অলপ ফুলে কানফোত ঘামে তাৰ ককালত বল নাই, জদি গৰ নামোতে পোনে জাব নোৱাৰে তাৰৰ বল নাই। নিতান্ত জাব নোৱাৰে জদি, খোজত খোজ নপৰে তাৰ বল নাই।