সমললৈ যাওক

পৃষ্ঠা:ঘোৰা নিদান.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

2



ঘোৰা নিদান।
⸻0⸻
প্ৰথম পটল।
ঘোৰাৰ জাত আৰু লক্ষণ।

 টাটুকৰ তিনি জাতি, তুৰুকিৰ তিনি জাতি।

টাটুকৰ লক্ষণ।

 টাঙ্গনৰ বুকু বহল ডিঙ্গি ডাঙ্গৰ, তাজিৰ বুকু চেপ ডিঙ্গি সৰু টাটুকৰ ভাল; আচোৱাৰি হলে বিচাৰি পাব।


তুৰুকি টাঙ্গনৰ লক্ষণ।

 কান সৰু হই চক্ষু সৰু হব, মুখ দীঘল হ, ভৰি আঁঠু ডাঙ্গৰ হব, ডিঙ্গি দীঘল ডাঙ্গৰ হব, দপনা বহল হব, বৰণ একেবৰণ হব, পখৰা বা আনৰে হক, তেনেহলে ঘোৰা উত্তম হই। শলা বহল হব, গাৰ সেজা দীঘল হব, পোকৰটো দীঘল হব, নেজো সোৰু হব জদি, তেবে তুৰুকিৰ কি কব লাগে বিচাৰ কৰি পাব।


কন্যাৰ লক্ষণ।

 জদি আগুলা কুটুল, মুৰত জদি জোৰ চকৰ থাকে তাৰ মন বয়া, দাস্ত কৰকৰিকৈ থাকিলে সি চঁক হই। সকলো গা কলিয়া থাকে তাৰ মন বেয়া, জি আচোৱাৰি হই বিচাৰি পাব। জদি মনিয়াৰ হই, বুদ্ধিটো টান হব লাগে মনক নিয়ম কৰিব লাগে, ঘোৰাত উঠি বিচাৰ কৰিব, ইয়াক বুদ্ধিমন্ত হলেহে জানিব।