পৃষ্ঠা:ঘোৰা নিদান.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

90


১০৭। সিলপট ব্যাধি।

 লক্ষণ—জিউডাৰিৰ গোৰত ফিঙ্কে তাকে বলে সিলপট ব্যাধি।
 ঔষধ—আমঠু, শিলিখা, ৰাতুল চন্দন, জাতি চন্দন, স্বৰ্ণপৰা শিলৰ পানি, নাগৰগু, তেজমুই, ৰঙা কাঠফুলা, তেজপাত সবাকে একত্ৰ কৰি বটি লেপি দিব সিলপট ব্যাধি নাস।


১০৮। সেহালি ব্যাধি।

 লক্ষণ—ৰাতি দিনে ধুপিব তাকে সেহালি ব্যাধি বলে।
 ঔষধ—১। অমৰা, মাটিমাহ দুইকো উষয়াই খচি বঙালি লোনেৰে কাজি মিসলাই খুৱাব।
 ২। ধুন্দুলি পুৰিব কয়াৰ আলু দুইকো বটি বঙালি লোনেৰে খুয়াব সেহালি ব্যাধি নাস।


১০১। হাৰা ৰোগ বা হাবা ৰোগ।

 লক্ষণ—কলাফুল যদি উখহি উঠে তাক হাবা ৰোগ বোলে।
 ঔষধ—১। কাচোৰ হাৰ জুইত তপতাই সেকিব।
 ২। ছালকুঁৱৰী ঘৃতত মিশ্ৰ কৰি তপত কৰি বান্ধিব তবে হাবা ৰোগ গুচে।