পৃষ্ঠা:গুৰুচৰিত.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত ভাগৱত গ্ৰন্থ পদৱন্ধে নিবন্ধিব। ভাষ্য পয়াদি শাস্ত্ৰ বিস্তৰ কৰিব। ভাইব পণ্ডিতগণ কৰি বাদ ব্যাখ্যা। ভকতি ধৰ্ম্মক আৰ কৰিব ৰক্ষা ৩৮৬ একান্ত ভকতি প্ৰচাৰিব জগতত। জগন্নাথে দিয়া পঠাইৰন্ত ভাগৱত। নানা শাস্ত্ৰ বখানিব ভাৰত পুৰাণ। মুহিবে পণ্ডিত আৰো ইহান সমান॥৩৮৭ একোৰাত্যে পণ্ডিত হৈব আৰ সম। পাষণ্ডসবৰ এন্তে হৈব কাল যম। নিজ গুণ যশ কীৰ্তি কৰিব প্ৰচাৰ। বাৰ মায়াপাশে বন্দী সমকে সংসাৰ॥৩৮৮ মহাগুণে গুণৱন্ত যেন যদুপতি। ইহান প্ৰসাদে পাইবা ভুকুতি মুকুতি। যেন বাঞ্ছা সেই সিদ্ধ কৰিবে সকল।। তযু ঘৰে আইলা জগতৰ আদি মূল॥ ৩৯ সেহি যদুপতি জানা এন্তে আসি আছ। পৰম পদক পাইব সিদ্ধি হইব বাঞ্ছা। এতেকে জানিবা এন্তে পৰম পুৰুষ। জানিবাহা এহেতেসে জগতৰ ঈশ॥৩৯০ অকৰৰ অন্ত কালৰো এহি কাল। আৰ মায়া নানয় দশদিগপাল,