পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যুৱতীক আছা তুমি নটুৱা সজাই।
কি কাৰণে কৰা তুমি ইসৱ অন্যায়॥ ৪০৫৩
হেন শুনি মাধৱে বুলিলা প্ৰিয়বাণী।
কি কাৰণে দোষা মোক নাজানি নুশুনি।
ঘৰক ঢুকিয়া তুমি কন্যাক চাহিয়ো।
ইসব কথাক তুমি প্ৰমাণ কৰিয়ো॥ ৪০৫৪
হেন শুনি গৃহত উঠিলা সুৰানন্দ।
দেখে বালিচন্দা দিছে কৰিয়া প্ৰৱন্ধ।
চাহিলন্ত ৰূপা নহে ফুৰিয়া দেখয়।
মনত বোলন্ত বিপ্ৰ মিছাসে কহয়॥ ৪০৫৫
যৰ চাহি সুৰানন্দে আসিলন্ত নামি।
ৰূপা নুহিকয় তাক জানিলোহো আমি।
মাধৱৰ আগে এহি কথা কৈয়া ৰৈলা।
তাত পাচে নটুৱাক আনিবাক চাইলা॥ ৪০৫৬
হৃদয়ত স্তন খোপা কপালে সিন্দুৰ।
নয়নে কাজল দিলে দেখিতে প্ৰচুৰ।
হাতে খাৰু গলে মণি কুণ্ডল কৰ্ণত।
দিলা চাৰি জেঠি আৰু জ্বলে কপালত॥ ৪০৫৭
পাটশাৰী পিন্ধাই কাপেলি দিলা মাথে।
স্ত্ৰী হেন দেখে তাকে বুলিলা সাক্ষাতে।
হেন ভাৱে নাচিলন্ত খোল তাল বাই।
পৰম আনন্দে ভক্তসবে গীত গাই॥ ৭০৫৮