পৃষ্ঠা:গুৰুচৰিত.djvu/৮৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুনা মহাৰাজা তুমি বচন আমাৰ।
মাধৱ নামে শিষ্য আছয় শঙ্কৰৰ॥
অকৰ্ম্ম কৰয় সিটো ৰাজ্যত তোমাৰ।
তাক তুমি আনি তাৰ কৰিয়ো বিচাৰ॥ ৪০৪৮
ঘোড়শ বছৰীয়া সব কন্যাগণ আনি।
সমজ্যাৰ মাজে থাকে সাৱটিয়া টানি।
পৰম অধৰ্ম্মী সিটো কামুক নিলাজ।
দেখা কেনে সিটো জনে কৰয় অকাজ॥ ৪০৪৯
হেন শুনি ৰাজা ক্ৰোধ কৰিয়া উঠিলা।
সুৰানন্দ কটোৱাল মাটিয়া আনিলা।
আমাৰ বচনে তুমি এতক্ষণে যায়ো।
মাধৱক শীঘ্ৰ কৰি ধৰিয়া আনিয়ো॥ ৪০৫০
সুৰানন্দ শুনিয়া গৈলন্ত তেতিক্ষণে।
অনন্তৰে পাইলা গৈয়া বৰপেটা থানে।
হৰি মন্দিৰৰ বাহিৰে বসিলন্ত যাই।
তেতিক্ষণে মাধৱক আনিলা মতাই॥ ৪০৫১
ভকতসকলে তাক বেঢ়ি বসিলন্ত।
সুৰানন্দ দেখি দ্বাৰ মাৰিবে দিলন্ত।
ৰাজাৰ আদেশে কৈলা মাধৱৰ আগে।
নৃপতিৰ থানক তোমাৰ যাইবাক লাগে॥ ৪০৫২
ঘৰ সাজি তাহাত ৰূপাৰ ৰঙ্গ দিলা।
ইটো কথা ৰাজাত গোচৰ লোকে দিলা।