পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্মক দিল তাক নিদিলে আমাসাক
ৰমানন্দ লগতে আছিল।
ৰামৰায় আছিলন্ত তাকো ধৰ্ম্ম নেদিলন্ত
দাদা কিনো অধৰ্ম্ম কৰিল॥ ৩১৮৭
মাধৱ কিহৰ পাত্ৰ তথাপিতে দিলে তাঙ্ক
কেৱলীয়া সিটো উদাসীন।
পাতিলেক তাক গুৰু তোমাক নেদিল বাৰু
তাতো কৰি আমি ভৈলো হীন॥
এহিমতে বহুতৰ নিন্দা কৰে নিৰন্তৰ
তাক পাচে মাধৱে শুনিলা।
লাগিল মনত দুখ নাহি তান শান্তি সুখ
বাক্যে যেন হিয়া বিদাৰিলা॥ ৩৯৮৮


শ্ৰীমাধৱদেৱৰ সুন্দৰী গমন
দুলড়ী

কতোক্ষণ মানে মাধৱ তেখনে
গোসানীৰ পাৱ ধৰি।
বোলো শুনা আই নাথাকো ইঠাই
কৰিলোহে নিষ্ট কৰি॥
যেন শুনি আই পৰি সুখাই
নাহি মাতবোল মুখে।