পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰৰ পত্নী আই কান্দিলন্ত তাক চাই
ভাৰ্যা পুত্ৰ আকুলিত ভৈলা॥ ৩৯৮৪
পুৰুষোত্তমক চাই কান্দত সুমতি আই
স্বামীৰ পাৱত পৰি যাই।
বোলে হৰি হৰি বিধি হাতত হৰাইল নিধি
মোৰ আৰ গতি নাই নাই॥
কৰয় বিলাপ শোকে কান্দে পৰি আন লোকে
অনন্তৰে নিচুকিয়া ৰৈলা।
মাধৱে কৰিয়া দুখ ভৈলন্ত বিবৰ্ণ মুখ
চিতা সাজি অগ্নিত দহিলা॥ ৩৯৮৫
মাস শুদ্ধি কৰিলন্ত সুখে দুখে থাকিলন্ত
এহিমতে কতোদিন তথা।
তাত পাচে ভৈলা যেন শুনা সামাজিক জন
কহো কিছুমান তাৰ কথা॥
পাচে বনগাঞাগিৰি মাধৱক যেন কৰি
সুন্দৰীদিয়াক খেদাইলন্ত।
শুনা শবে কহো তাক যত সামাজিক লোক
দেখা কেনে বিঘিনি ধৰ্ম্মত॥ ১৯৮৬
বনগঞা বোলে আতি আঠ তিনি জনীৰ প্ৰতি
তাসম্বাৰ লগত মাধৱ আছে।
বোলে ভাল নাহিকয়  লোকৰ আগত কয়
এহি বুলি নিন্দিলন্ত পাচে॥