পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫৭
সপ্তম খণ্ড

হেন কথা আসি ভক্তে কৈলা ঠাকুৰত।
তেতিক্ষণে যাই কহিলন্ত মাধৱত॥
মাধৱে বোলন্ত বাপু তুমি মাতা যাই।
নাহে যদি আসি জনাইবাহা মোৰ ঠাই॥ ৩৯৫৯
হেন শুনি ৰমানন্দ মাতিবাক গৈলা।
মাধৱৰ আজ্ঞা দামোদৰত কহিলা॥
দামোদৰে বোলন্ত ঠাকুৰ শুনিয়োক।
অহিতে বসিবো তৈক নমাতিবা মোক॥ ৩৯৬০
ৰমানন্দে কৈলা আসি মাধৱৰ আগে।
বোলে তাৰ তৈক আৰ যাইবাক নালাগে॥
হেন শুনি মাধৱে মনত দুখ কৰি।
নিশ্বাস তেজিয়া পাচে গুৰুক সুমৰি॥ ৩৯৬১
ওচৰতে নাৰায়ণ ঠাকুৰ আছন্ত।
সখি বুলি মাধৱে তাহাক মাতিলন্ত॥
বোলে তেতিক্ষণে তুমি জাণ্ট কৰি যায়ো৷
দামোদৰ ব্ৰাহ্মণক মাতিয়া আনিয়ো॥ ৩৯৬২
ভালমতে বাক্য তুমি তাহাঙ্ক বুলিবা।
মধুৰ বচন তাৰ আগত কহিবা॥
এহি বুলি মাধৱে তাহাঙ্ক পঠাই দিলা।
হেন শুনি নাৰায়নে তেখনে চলিলা॥ ৩৯৬৩
অনন্তৰে যাই পাচে পাইলা তান ঘৰ।
আসন দিয়াইলা আনি দেখি দামোদৰ॥